নগাঁওঃ সমগ্ৰ দেশৰ আন আন প্ৰান্তৰ লগতে নগাঁৱতো আজি ৭৩ সংখ্যক স্বাধীনতা দিৱসটি উদ্যাপন কৰা হয়৷ স্থানীয় নুৰুল আমিন ষ্টেডিয়ামত পুৱা ৯ বজাত নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু নগাঁৱৰ বিভিন্ন শিক্ষানুষ্ঠানৰ সহযোগত দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসটি উদ্যাপন কৰা হয়৷ নগাঁৱত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জনস্বাস্থ্য কাৰিকৰী আৰু সমবায় বিভাগৰ মন্ত্রী ৰিহণ দৈমাৰীয়ে৷
ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি আৰক্ষী-অৰ্ধ সামৰিক বাহিনী, এন চি চি, বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলৰ অভিবাদন গ্ৰহণ কৰে৷ ইয়াৰ পাছতে বিভিন্ন সাংস্কৃতিক দলৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়৷ আজিৰ এই অনুষ্ঠানতে নগাঁৱৰ কেইবাগৰাকীও স্বাধীনতা সংগ্ৰামী, তথা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক মন্ত্রী ৰিহণ দৈমাৰীয়ে সম্বৰ্ধনা জনায়৷
সমগ্ৰ দেশৰ লগতে নগাঁৱতো উদযাপিত ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ এই কাৰ্যসূচীত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰাক্তন ৰে’ল ৰাজ্য মন্ত্রী ৰাজেন গোঁহাই, বিজেপি দলৰ কেইবাগৰাকীও নেতা উপস্থিত থাকে৷ অনুষ্ঠানৰ শেষত জিলাখনৰ বিভিন্ন ক্ষেত্রত পাৰদৰ্শিতা দেখুওৱা কৃষক, ক্রীড়াবিদ, ক্রীড়া সংগঠক, সাংবাদিক আদিক বিশেষভাৱে সম্বৰ্ধনা জনায়৷