08/15/2019 - 16:05
in
ডিমাকুছিঃ ওদালগুৰিৰ ডিমাকুছিত পুনৰ বন্যহস্তীৰ তাণ্ডৱ। বৃহস্পতিবাৰে পুৱা বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল যুৱকৰ৷ ডিমাকুছি আৰক্ষী থানা অন্তৰ্গত ২নং ৰজাগড় এই ঘটনা সংঘটিত। নিহত যুৱকজনৰ নাম গণেশ দেবনাথ (২৫) বুলি জানিব পৰা গৈছে। ২নং বৰঙাজুলিৰ গণেশে ৰজাগড়ত বিয়া খাই পুৱা উভতি যোৱা পথত এই ঘটনা সংঘটিত হয়।
এতিয়াও বন্যহস্তীৰ জাক এটাই ৰজাগড় অঞ্চলত প্ৰবেশ কৰাত ৰাইজ আতংকিত হৈ আছে। ঘটনাস্থলীত বনবিভাগৰ লোক আৰু আৰক্ষীৰ লোক উপস্থিত হয়৷ হাতী-মানুহৰ সংঘাতৰ ফলত চলিত বৰ্ষত ভাৰত-ভূটান সীমান্তত ১৮জন নিৰিহ লোক নিহত হোৱাৰ বিপৰীতে ৪টা বন্যহস্তীৰ মৃত্যু হৈছে৷ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত হাতী-মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পাই আহিছে যদিও ইয়াৰ স্থায়ী সমস্যা সমাধানৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বিভাগটো৷