জনীয়াঃ বৰপেটা জিলাৰ কাদং গাঁও পঞ্চায়তৰ অন্তৰ্গত কালামপুৰ চৰবাসীয়ে ঈদৰ দিনা ঈদৰ নামাজ পঢ়িবলৈ বেকীৰ পূৱ পাৰলৈ আহে। নামাজ আৰু কোৰবানীৰ অন্তত টুলুঙা নৌকাৰে পাৰ হওঁতে আবেলি ৪ মান বজাত প্ৰচণ্ড ধুমুহা আৰু বৰষুণে নাওখন ডুবাই পেলায়। লাওখনত থকা ১১ জনৰ ভিতৰত ৬ জনক স্থানীয় ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও ৫ জনৰ আজিলৈকে সন্ধান উলিয়াব পৰা নাই। সন্ধানহীন লোক কেইজন ক্ৰমে কালামপুৰৰ ছামাদ আলী (৪৫), ছায়েদ আলী (৩৫), এক্ৰামুল (৬), ছায়েদ আলীৰ কন্যা ছানিয়াৰা পাৰবীন(৪) আৰু কাদঙৰ আব্দুল গণিৰ কন্যা নাৰ্গিচ (৫)।
উল্লেখ্য যে বৰপেটা এচডিআৰএফে উদ্ধাৰ অভিযান চলায়ো সন্ধান উলিয়াব পৰা নাই। উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এনজিঅ’ চাৰ্চ অগজিলিয়াৰী ফৰ ছ’চিয়েল একচন চমুকৈ কাচাই খবৰ পাই কালি সন্ধিয়া জনীয়াস্থিত এনজিঅ’ আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সহযোগত কালামপুৰ চৰত গৈ পৰিয়ালৰ লোকক লগ ধৰে আৰু নাও দুৰ্ঘটনাত সন্ধানহীন আৰু উদ্ধাৰ হোৱা পৰিয়ালক সাহায্য প্ৰদান কৰে।