স্বাধীনতা দিৱসৰ দিনাই গোলাঘাটত শ্বহীদ কুশল কোঁৱৰক ৰখা বিষেশ কয়দী চেল সংৰক্ষণ

 08/15/2019 - 18:48

গোলাঘাটঃ স্বাধীনতা দিৱসৰ দিনাই গোলাঘাট আৰক্ষীয়ে সংৰক্ষণ কৰিলে গোলাঘাট সদৰ আৰক্ষী থানাৰ এটা বিশেষ কয়দী চেল। কাৰণ ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসম তথা গোলাঘাট জিলাৰ বীৰ শ্বহীদ কুশল কোঁৱৰক গোলাঘাট সদৰ আৰক্ষী থানাৰ এই বিশেষ কয়দী চেলটোতে ৰখা হৈছিল।

ভাৰতৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয় ভাৱে জপিয়াই পৰা শ্বহীদ কুশল কোঁৱৰক ব্ৰি্টিছে বিভিন্ন সময়ত গ্ৰেপ্তাৰ কৰি গোলাঘাট সদৰ আৰক্ষী থানাতে ৰাখিছিল। এই শ্বহীদ গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই গোলাঘাট আৰক্ষীয়ে শ্বহীদ কুশল কোঁৱৰৰ এই চেলটো সংৰক্ষণৰ ব্যৱস্থা কৰে।

গোলাঘাটৰ জিলা উপায়ুক্ত ধিৰেণ হাজৰিকাই ফিটা কাটি শ্বহীদ কুশল কোঁৱৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্বহীদগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনায়।

ইফালে গোলাঘাট আৰক্ষীয়ে শ্বহীদ কুশল কোঁৱৰৰ এই চেলটো সংৰক্ষণৰ জড়িয়তে বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক আমন্ত্রণ জনাই শ্বহীদগৰাকীৰ দেশ প্ৰেমৰ বিষয়ে অৱগত কৰিব।দেশৰ স্বাধীনতাৰ হকে আহুতি দিয়া বীৰ শ্বহীদ কুশল কোঁৱৰক গোলাঘাট সদৰ আৰক্ষী থানাত ৰখাক লৈ গোলাঘাট আৰক্ষী মহলৰ লগতে গোলাঘাটবাসী গৌৰৱান্বিত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।