নগৰবেৰাঃ পুনৰ যৌতুকৰ দাবীত বোৱাৰী হত্যা। এইবাৰ বকোৰ মালিবাৰীত সংঘটিত হয় এই নৃশংস ঘটনা। বকোৰ মালিবাৰীৰ নাছিৰ উদ্দিনে তেওঁৰ পৰিয়ালৰ সহযোগত মৰিয়াই মৰিয়াই হত্যা কৰে পত্নী মফিদা আহমেদক। চাৰি বছৰ পূৰ্বে বিয়া কৰোৱা মফিদা আহমেদক যৌতুকৰ নামত প্ৰায়েই নিৰ্যাতন চলাই আহিছিল স্বামী নাছিৰ উদ্দিন আৰু তেওঁৰ পৰিয়ালৰ লোকে। মফিদাৰ পৰিয়ালৰ লোকে কন্যাৰ সুখৰ কথা চিন্তা কৰি এসময়ত নাছিৰ উদ্দিনক দিয়ে ২ লাখ টকা। কিন্তু ইমানতো মন নভৰিল নাছিৰ উদ্দিনৰ।
অৱশেষত ঘাতক স্বামী নাছিৰ উদ্দিনে পৰিয়ালৰ লোকৰ সহযোগত বুধবাৰে নিশা নিৰ্মমভাৱে মৰিয়াই মৰিয়াই হত্যা কৰে মফিদা আহমেদক। এই অভিযোগ মফিদাৰ পিতৃ পৰিয়ালৰ। ইপিনে এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় মালিবাৰীত। উত্তেজিত জনতাই উত্তম মধ্যম সোধায় অভিযুক্ত নাছিৰ উদ্দিনক। ঘটনাস্থলীত মন্দিৰা আৰক্ষী উপস্থিত হৈ জনতাৰ ৰোষৰ পৰা নাছিৰ উদ্দিনক উদ্ধাৰ কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ইতিমধ্যে নাছিৰ উদ্দিন তেওঁৰ মাতৃ আৰু আন এজনক আটক কৰিছে।