08/15/2019 - 20:07
in
ঢকুৱাখনাঃ আজি ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস। বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসটো ঢকুৱাখনা নৰ্মাল স্কুলৰ খেলপথাৰত উল্লহ মালহেৰে উদযাপন কৰা হয়। গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত ঢকুৱাখনাৰ নৰ্মাল স্কুলত অনুষ্ঠিত কৰা স্বাধীনতা দিৱসত ২৫ খনৰো অধিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পেৰেড প্ৰদৰ্শনৰ লগতে বাৰেৰহনীয়া বিভিন্ন ধৰণৰ মনোৰঞ্জনমূলক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়।
কাৰ্যসূচী ক্ৰমে পুৱা পতাকা উত্তোলন কৰে ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই। উক্ত সময়ত উপস্থিত থাকে ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়াৰ লগতে প্ৰশাসনৰ বিষয়াসকলৰ লগতে বিভিন্ন বিদ্যালয় ছাত্ৰ-ছাত্ৰী আৰু ভিন্ন অঞ্চলৰ পৰা সমাবেশ হোৱা বিভিন্ন প্ৰান্তৰ প্ৰায় ৫ শতাধিক ৰাইজৰ ভিৰ হোৱা পৰিলক্ষিত হয়।