গোসাঁইগাঁৱত ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপন

 08/15/2019 - 20:28

শ্ৰীৰামপুৰঃ আজি দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস। সেই উপলক্ষে দেশৰ আন প্ৰান্তৰ দৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত পশ্চিম অসমৰ তথা কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱতো চৰকাৰী ভাৱে স্বাধীনতা দিৱস পালন কৰা হয়। গোসাঁইগাঁও মহকুমা প্ৰশাসনৰ উদ্যোগত চৰকাৰীভাৱে গোসাঁইগাঁৱৰ ল’ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা গোসাঁইগাঁৱৰ মহকুমাধিপতি গয়া প্ৰসাদ আগৰৱালাই।

ইয়াৰ পূৰ্বে দেশ স্বাধীনৰ বাবে শ্বহীদসকলক শ্ৰদ্ধা জ্ঞাপন কৰে। পতাকা উত্তোলনৰ অন্তত দেশৰ উন্নয়ন আৰু বিভিন্ন জনকল্যাণমূলক আঁচনিৰ ওপৰত ভাষণ দিয়ে। ইয়াৰ পিছত অসম আৰক্ষী, এনচিচি দল, গোসাঁইগাঁৱৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলে অংশ গ্ৰহণ কৰা পেৰেড প্ৰদৰ্শন কৰে। উক্ত কাৰ্যসূচীৰ অন্তত দেশপ্ৰেমমূলক নৃত্য প্ৰদৰ্শন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।