বিজনীত স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ

 08/16/2019 - 12:29

বিজনীঃ বৃহস্পতিবাৰে বিজনীত স্বামীৰ হাতত প্ৰাণ গ'ল এগৰাকী মহিলাৰ। এই ঘটনা সংঘটিত হৈছে চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত পানবাৰীৰ বৌপাৰা গাঁৱত। নিহত মহিলা গৰাকীৰ নাম ফুল বেগম (২৩)। দীৰ্ঘদিন ধৰি পাষণ্ড স্বামী আয়ুব আলীয়ে শাৰিৰীক নিৰ্যাতন চলাই থকাৰ অভিযোগ উত্থাপন মহিলা গৰাকীৰ পৰিয়ালৰ।

ঘৰত কোনো নথকাৰ সুযোগ লৈ পাষণ্ড স্বামীয়ে মৰিয়াই মৰিয়াই হত্যা কৰে নিজ পত্নীক। নিহত মহিলাৰ গৰাকীৰ শৰীৰত আঘাতৰ চিন স্পষ্ট। ঘটনাস্থলীত পাণবাৰী আৰক্ষী উপস্থিত হৈ মহিলা গৰাকীৰ মৃতদেহ মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। উক্ত ঘটনাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।