বিহালীঃ উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্র সন্থা চমুকৈ নেমছু'ৰ বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত বিশ্বনাথ আঞ্চলিক সমিতি খন বৃহস্পতিবাৰে গঠন কৰা হয়। ভোজমাৰী হাইস্কুল প্ৰেক্ষাগৃহত, বিশ্বনাথ জিলা নেমছুৰ সভাপতি মুস্তাক হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাত, সভাৰ উদ্দেশ্য বাখ্যা কৰে বিশ্বনাথ জিলা নেমছুৰ সাধাৰণ সম্পাদক মুস্তাফিজুৰ ৰহমানে।
সভাত, সভাৰ সৰ্বসন্মতি ক্ৰমে হুমায়ুন ইছলামক সভাপতি, নবিজল হক আৰু আমিৰ হামজাক উপ সভাপতি, আব্দুৰ ৰচীদ আৰু ছফিকুল ইছলামক যুটীয়া সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ৩১ জনীয়া শক্তিশালী দক্ষিণ চতিয়া আঞ্চলিক সমিতি গঠন কৰা হয়।
উক্ত সভাত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জুলফিকাৰ আহমেদ উপস্থিত থাকি সংখ্যালঘূ সকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰি কয় যে সংখ্যালঘূ লোক সকলৰ মূল আৰু প্ৰধান সমস্যা হৈছে শিক্ষা। প্ৰতিজন ব্যক্তিকে মানৱ সম্পদ হিচাপে গঢ় দিলেহে জাতিৰ উন্নয়ন হব। লগতে কয় শিক্ষাৰ পোহৰ বিলোৱা সমস্ত দায়িত্ব নেমছুৱে গ্ৰহণ কৰিব লাগিব।
ঠিক একেদৰে কেন্দ্ৰীয় উপ-সভাপতি নেকিবুৰ জামাল সৰকাৰে নেমছু'ৰ কৰ্ম-কৰ্তাক নিজ লক্ষ্য আৰু উদ্দেশ্যত অটল থাকি ৰাইজৰ স্বাৰ্থত কাম কৰি যাবলৈ আহ্বান জনায়। নেমছু'ৰ সংবিধান উলংঘা কৰিলে তেওঁলোকক নেমছুৱে কেতিয়াও ৰেহাই নিদিয়ে বুলিও মন্তব্য কৰে।
নেমছুৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি আজনুৰ হুছেইনে সংখ্যালঘু সকলৰ শৈক্ষিক দিশটো অধিক শক্তিশালী কৰিবলৈ আহ্বান জনায় সংগঠনৰ কৰ্ম-কৰ্তাক লগতে কয় যে, নেমছু'ক কোনো অপশক্তিয়ে ষড়যন্ত্র কৰি তিলমানো আচুৰ পেলাব নোৱাৰে। সকলোকে সৎ আৰু নিষ্ঠা সহকাৰে, সৎ পথত থাকি কাম কৰি যাবলৈ আহ্বান জনায়।
সভাত সংগঠনটোৰ বিশ্বনাথ জিলা সমিতিৰ বহু কেইগৰাকী বিষয় ববীয়াৰ লগতে ভোজমাৰী অঞ্চলৰ প্ৰায় শতাধিক ৰাইজ উপস্থিত থাকে। উক্ত সভাতেই নেমছুৰ কেন্দ্ৰীয় উপসভাপতি নেকিবুৰ জামাল সৰকাৰে নৱগঠিত দক্ষিণ চতিয়া আঞ্চলিক সমিতিৰ হাতত খেলৰ সা-সামগ্ৰীও বিতৰণ কৰে।