ভোট বৰ্জনৰ সিদ্ধান্ত চিনাতলী গাঁওবাসীৰ

 04/01/2019 - 14:49

মৰিয়নীঃযোৰহাট লোকসভা সমষ্টিৰ মৰিয়নীৰ এখন উল্লেখযোগ্য ৰাজহ গাঁও হৈছে চিনাতলী গাঁও।দেশে স্বাধীনতা লাভৰ ৭২ বছৰ অতিক্ৰম কৰিলে অথচ এই সুদীৰ্ঘ সময়ছোৱাত গাঁওখনৰ কোনো দিশৰ পৰা উন্নয়ন সাধন নহ’ল।

দশক-দশক জুৰি চিনাতলী গাঁওবাসীয়ে খোৱাপানী,শিক্ষা,স্বাস্থ্য,বাট-পথৰ দুৰৱস্থা ইত্যাদি বহুতো অসুবিধাৰ মাজেৰে জীৱন নিৰ্বাহ কৰি থাকিবলগীয়া হৈছে।

দেশখনে স্বাধীনতা লাভৰ ৭২ বছৰ পাৰ কৰাৰ পাছতো প্ৰতিখন চৰকাৰে গাঁওবাসীক উন্নয়নৰপৰা বাৰে বাৰে বঞ্ছিত কৰি অহা বাবে এইবাৰ তেওঁলাকে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।