মৰিয়নীৰ প্ৰশাসনৰ সময় নহ’ল এগৰাকী স্বাধীনতা সংগ্ৰামীক মনত পেলাবলৈ

 08/16/2019 - 14:30

মৰিয়নীঃ ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটোতে আমাৰ দেশে স্বাধীনতা লাভ কৰিছিল৷ সেই সময়ত দেশৰ স্বাধীনতাৰ বাবে বহু লোকে প্ৰাণ দিছিল, বহু লোক জীৱনৰ বাবে ঘূণীয়া হৈছিল৷ স্বাধীনতা সংগ্ৰামৰ অংশীদাৰ হৈছিল মৰিয়নীৰ চিনাতলী গাঁৱৰ নিবাসী গংগাধৰ বৰুৱাও৷ উচ্চ শিক্ষিত বৰুৱাই দুবাৰকৈ চৰকাৰী চাকৰি ত্যাগ কৰি ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামৰ অংশীদাৰ হৈছিল৷ দেশে স্বাধীনতা লাভ কৰা আজি সম্পূৰ্ণ ৭৩ বছৰত ভৰি দিলে। কিন্তু ৰাজ্য চৰকাৰ তথা স্থানীয় প্ৰশাসনৰ বছৰৰ ৩৬৫ দিনতটো এবাৰো সময় নহয়েই আজিৰ এই বিশেষ দিনটোতো তেওঁক এষাৰ মাত দিবলৈও কোনো এজন চৰকাৰী তথা ৰাজনৈতিক দলৰ লোকৰ সময় নহ’ল৷

সংগ্ৰামী বৰুৱাই চৰকাৰী মুক্তিযুঁজাৰু তামপত্ৰ পাইছিল যদিও ১৯৮০ ত হোৱা বিদেশী বহিষ্কাৰ আন্দোলনত তেওঁ পত্ৰখন ওভতাই দিছিল৷ সাংবাদিকৰ সৈতে হোৱা এক কথা-বতৰাত বৰুৱাই জানিবলৈ দিয়ে ৰাজ্য চৰকাৰৰ কোনো ধৰণৰ আঁচনিৰ প্ৰতি তেওঁ আশা হেৰুৱাই পেলাইছে৷ তেওঁ ক্ষোভ প্ৰকাশ কৰে যে বৃহত্তৰ চিনাতলীৰ একমাত্ৰ পথটো স্বাধীনতাৰ ৭৩ বছৰৰ পাছতো আজিলৈ মেৰামতি নকৰাৰ ফলস্বৰূপে বিগত বিধানসভা নিৰ্বাচনত সমগ্ৰ গাঁৱৰ লোকে ভোট বৰ্জন কৰিবলৈ বাধ্য হয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।