বিশ্বনাথৰ দুৰ্ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

 08/16/2019 - 15:10

ডিজিটেল ডেস্কঃ শুকুৰবাৰে মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বিশ্বনাথত উপস্থিত হৈ দুৰ্ঘটনাস্থলীৰ পৰা পলায়নৰ অভিযোগ নস্যাৎ কৰে। সংবাদ মাধ্যমৰ আগত এয়া সম্পূৰ্ণ অসত্য বুলি কয় মন্ত্ৰীগৰাকীয়ে যে মানুহক বিপথে পৰিচালিত কৰিব নাপায়। শৰ্মাই কয় 'মোৰ কনভয়ৰ গাড়ীত খুন্দা লাগিলে স্বীকাৰ কৰিলোহেঁতেন। অসত্যৰ আশ্ৰয় ল’লে মৃতকৰ পৰিয়ালে ন্যায় নাপাব।

দুৰ্ঘটনা কোনো অপৰাধ নহয়। ট্ৰাকক খুন্দা মৰাৰ দৃশ্য মই নিজেই দেখিছো। এম্বুলেন্স অহাৰ পিছতহে মই ঘটনাস্থলীৰ পৰা আঁতৰি আহিছো। নিশাই আহতজনৰ জিএনআৰচিত চিকিৎসাৰ ব্যৱস্থা কৰি দিছো।’ আনহাতে হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ বিপৰীতে স্থানীয় ৰাইজৰ দাবী মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ গাড়ীৰ খুন্দাতে নিহত হৈছে দুই যুৱক। উল্লেখযোগ্য যে বিশ্বনাথ আৰক্ষীৰ মতেও ট্ৰাকৰ খুন্দাত মৃত্যু হৈছে দুই বাইক আৰোহীৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।