তিনিচুকীয়া মহাবিদ্যালয়ত জুবিন গাৰ্গ

 08/16/2019 - 16:05

তিনিচুকীয়াঃ বহু চৰ্চিত অসমীয়া চলচ্চিত্ৰ জগতৰ এখন নতুন ছবি জুবিন গাৰ্গৰ "কাঞ্চনজংঘা" শুভমুক্তিৰ বাবে সকলো অপেক্ষাত থকাৰ সময়তে আজি "কাঞ্চনজংঘা"ৰ প্ৰচাৰৰ বাবে ছবিখনৰ পৰিচালক জুবিন গাৰ্গৰ লগতে কাঞ্চনজংঘা চলচিত্ৰৰ এটা দল আহি উপস্থিত হয় তিনিচুকীয়াত। আজি পুৱা ১১ বজাত তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ত প্ৰচাৰ অভিযান চলাই দিনৰ ১ বজাত উপস্থিত হয় তিনিচুকীয়া মহাবিদ্যালয়ত।

মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ মাজত কাঞ্চনজংঘাৰ বিষয়ে বক্তব্য আগৱঢ়োৱাৰ লগতে ছবিখনৰ কেইবাটাও গীত পৰিবেশন কৰা দেখা যায়। মুঠৰ ওপৰত শিল্পীজনৰ আগমনত তিনিচুকীয়া মহাবিদ্যালয়ত সৃষ্টি হৈছিল এক উৎসৱমুখৰ পৰিবেশৰ। অহা ৬ ছেপ্তেম্বৰত মুক্তি লাভ কৰিব চিনেমাখনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।