কংগ্ৰেছ এতিয়া অতিকে সক্ষম আৰু নিৰোগী দলঃ সাংসদ প্ৰদ্যুৎ বৰদলৈ

 08/16/2019 - 16:08

কামপুৰঃ শৰীৰত যেতিয়া মেদ চৰ্বী জমা হয় তেতিয়া শৰীৰটো ৰুগীয়া হয়। যেতিয়া আমি শৰীৰৰ পৰা অতিৰিক্ত মেদ উলিয়াই দিব পাৰো তেতিয়া আমাৰ দেহটো অতিকে সক্ষম আৰু নিৰোগী হয়। পোন্ধৰ বছৰত বহু চৰ্বী জমা হৈছিল, পেট বাঢ়ি গৈছিলে সেইবোৰ এতিয়া আঁতৰি গৈছে। সেয়ে কংগ্ৰেছ দল এতিয়া নিৰোগী। কংগ্ৰেছ দলটোৰ মাজত থকা সকলো প্ৰত্যাহ্বান আঁতৰাই বৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিব বুলি ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ দিনাৰ বিয়লি নিজৰ সমষ্টিৰ কামপুৰ কচুৱাত কৰ্মীসকলৰ লগত মত বিনিময় কৰি এই কথা প্ৰকাশ কৰে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।

পৃথিৱীৰ ইতিহাসত কোনো ৰাজনৈতিক দল বা ৰাজনৈতিক নেতাৰ ক্ষমতা সদায় নাথাকে বুলিও সাংসদজনে মন্তব্য কৰে। কংগ্ৰেছ দলটোৰ মাজলৈ বৰ্তমান বহু দুৰ্যোগ নামি আহিছে আৰু এই দুৰ্যোগ প্ৰত্যাহ্বান হিচাপে লৈ কংগ্ৰেছ কৰ্মীসকল নিৰাশ নহয় আগবাঢ়ি যাবলৈ সাংসদগৰাকীয়ে আহ্বান কৰে।

বিজেপি দলটোক সমালোচনা কৰি সাংসদজনে কয় যে বিজেপি দলটোৱে সংখ্যালঘু আৰু সংখ্যাগুৰু দুখন দুনীয়া সৃষ্টি কৰিছে আৰু সংখ্যাগৰিষ্ঠসকলক লগত লৈ বিজেপি দলটোৱে শাসনকাৰ্য জীয়াই ৰখা কৌশল লোৱা বুলিও সাংসদজনে মন্তব্য কৰে। ধৰ্মৰ নামত ৰাজনীতি কৰি বিজেপিয়ে হিন্দু মুছলমানৰ মাজত বিভেদৰ ৰাজনীতি কৰা বুলিও সাংসদজনে মন্তব্য কৰে। আনহাতে সকলো প্ৰত্যাহ্বান নেওচি কংগ্ৰেছ দলক সুসংগঠিত কৰি ৰাইজৰ মাজলৈ দলটোক লৈ যাবলৈ ফাইট কৰিব বুলিও মন্তব্য কৰে সাংসদ প্ৰদ্যুুৎ বৰদলৈয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।