পশ্চিম কাৰ্বি আংলঙৰ পিচিআৰ বস্তিত কুণ্ডাভৰ্তি ট্ৰাক জব্দ

 08/16/2019 - 16:30

বৈঠালাংছঃ অসম-মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলঙৰ পিচিআৰ বস্তিত কুণ্ডাভৰ্তি ট্ৰাক জব্দ। চুবুৰীয়া ৰাজ্য মেঘালয়ে আগ্ৰাসনৰ সমান্তৰালকৈ অব্যাহত ৰাখিছে অবৈধ বন ধ্বংস কাৰ্য৷ দুই ৰাজ্যৰ মাজত এক সীমা বিবাদ অব্যাহত থকাৰ লগতে মুকৈৰাম উপ-আৰক্ষী চকীৰ অন্তৰ্গত পিচিআৰ বস্তিত সঘনে কুণ্ডাসহ ট্ৰাক জব্দ কৰা কাৰ্যই চিন্তিত কৰি তুলিছে সচেতন মহলক৷

এনে সময়তে এক গোপন সূত্ৰৰ পম খেদি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ইচাহাক আলিৰ নেতৃত্বত যোৱা এটি সজাতি দলে পিচিআৰ বস্তিৰ পৰা জব্দ কৰে কুণ্ডাসহ মেঘালয় পঞ্জীয়নভুক্ত ML04 6279 নম্বৰৰ শক্তিমান ট্ৰাক৷ যদিও চালক হেন্দিমেনে ট্ৰাকখন এৰি পলায়ন কৰে। জব্দ কৰা কুণ্ডাখিনিৰ বজাৰ মূল্য আনুমানিক তিনি লক্ষাধিক হ'ব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে| উল্লেখযোগ্য যে সীমান্তৱৰ্তী অঞ্চলটোত দীৰ্ঘদিনৰ ধৰি অব্যাহত আছে মেঘালয়ৰ বন ধ্বংস, কুণ্ডা সৰবৰাহৰ অবৈধ কাৰ্য।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।