মহানগৰীত ছাত্ৰীৰ আত্মহত্যা

 04/01/2019 - 15:37

গুৱাহাটীঃ জালুকবাৰী আৰক্ষী থানাৰ অন্তৰ্গত কামাখ্যা গেটৰ দুৰ্গাসৰােবৰত এগৰাকী ছাত্রীয়ে আত্মহত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি তীব্র চাঞ্চল্য সৃষ্টি হয়। আত্মহননৰ দৰে চৰম পন্থা লােৱা ছাত্ৰীগৰাকী ঋতু সিং (২০) বুলি জালুকবাৰী আৰক্ষীয়ে চিনাক্ত কৰিছে। আৰক্ষীৰ এটা সূত্রই জনােৱামতে মহানগৰীৰ কে আৰ বি কলেজত অধ্যয়নৰত ঋতু সিঙৰ পৰিয়াল দীর্ঘদিন পৰা দুর্গাসৰােবৰৰ বকুল দাস নামৰ ব্যক্তিজনৰ ঘৰত ভাড়াতীয়া হিচাপে আছে।

দেওবাৰে পুৱা ছাত্ৰীগৰাকীৰ মাতৃ আৰু ভগ্নী কর্মস্থলীলৈ ওলাই যায়। ইয়াৰ পিচত দিনৰ প্ৰায় ডেৰ বজাত ঘৰলৈ উভতি আহি যুৱতীকগৰাকীক বিচাৰি নাপাই তেওঁলোক চিন্তিত হৈ পৰে। কিছুসময়ৰ পিচতে যুৱতীগৰাকীৰ মাতৃয়ে বাথৰূমলৈ গৈ কন্যা ঋতু সিঙক বাথৰূমৰ ভিতৰত ছিপ লৈ ওলমি থকা প্রত্যক্ষ কৰে। লগে লগে কন্যাক সাৱটি মাতৃগৰাকী কান্দোনত ভাগি পৰে।

এই লৈ সৃষ্টি হােৱা হুলস্থূলীয়া পৰিবেশৰ সময়তে সমীপৰ বাসিন্দাই বিষয়টো আৰক্ষীক অৱগত কৰে। কিছুসময়ৰ ভিতৰত ঘটনাস্থলীত দণ্ডাধীশসহ উপস্থিত হৈ আৰক্ষীয়ে ছাত্রীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। এই ঘটনাক লৈ অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰাৰ সময়তে ঋতু সিঙৰ পৰিয়ালে যুৱতীগৰাকীক ভাড়াঘৰৰ মালিকে হত্যা কৰাৰ অভিযােগ উত্থাপন কৰিছে। ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। তদন্তৰ অন্তত হে গম পোৱা যাব এয়া হত্যা নে আত্মহত্যা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।