আমিনগাঁওঃ কামৰূপ জিলাৰ চাংসাৰি কলেজ নগৰত মছজিদ কমিটিৰ উদ্যোগত শুকুৰবাৰে দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। ৰাতিপুৱা ৮:৩০ বজাত পতাকা উত্তোলন কৰে মছজিদ কমিটিৰ সভাপতি মহ: ইদ্ৰিছ আলীয়ে।
উক্ত অনুষ্ঠানত উপস্থিত থাকি স্বাধীনতা দিৱসৰ তাৎপৰ্য বৰ্ণনা কৰে পূব বংশৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক শ্বেখ আব্দুল হামিদৰ লগতে চাংসাৰী ৰূপকোঁৱৰ একাডেমিৰ শিক্ষক শ্বেখ আব্দুল হাফিজ আৰু চৈয়দ ৰাজিকুল হুছেইনে। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি চাংসাৰী ৰেলৱে ষ্টেচন প্ৰাংগণত প্ৰতিযোগী সকলক দুটা শাখাত বিভক্ত কৰি এখনি চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।
নিম্ন শাখাত ১ম আৰু ২য় স্থান লাভ কৰে ক্ৰমে, মৃগাংক ৰাজ নাথ আৰু ৰিয়াজ আলীয়ে। ঠিক একেদৰে উচ্চ শাখাত ১ম স্থান লাভ কৰে মেহবিছ চৌধুৰীয়ে আৰু প্ৰীজা ৰাজকুমাৰীয়ে ২য় স্থান লাভ কৰে। শেষত বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকি বিজয়ী প্ৰতিযোগীক চাংসাৰী ৰেলৱে ষ্টেচনৰ সহকাৰী অধীক্ষক হিতেন্দ্ৰ বৈশ্য আৰু শংকৰ নাথে বঁটা প্ৰদান কৰে৷