08/16/2019 - 19:15
in
আমিনগাঁওঃ কামৰূপ জিলাৰ ধোপাতাৰীৰ এগৰাকী ধৰ্মপ্ৰাণ মহিলা তথা প্ৰাক্তন শিক্ষয়িত্ৰী বুধবাৰে পবিত্ৰী বৰ্মনৰ নিজ বাসগৃহত বাৰ্ধক্য জনিত মৃত্যু হয়। মৃত্যু সময়ত তেখেতৰ বয়স আছিল ৭৫ বছৰ। তেখেতৰ মৃত্যুত অঞ্চলটোৰ ভালেসংখ্যক লোকৰ সমাগম হৈ তেখেতৰ মৃতদেহ লৈ তেখেতে কাম কৰা বিদ্যালয়লৈ এক সমদল উলিয়াই।
ইয়াৰ লগতে তেওঁৰ মৃত্যুত তেওঁৰ লগত নাম প্ৰসংগ কৰা সংগী আই সকলৰ উপৰিও অঞ্চলটোৰ ৰাইজ আৰু শুভাকাংক্ষী সকলে গভীৰ শোক প্ৰকাশ কৰি পবিত্ৰী বৰ্মনৰ গুণ গৰীমাৰ গুণাগঁথা কৰি তেঁওৰ আত্মাৰ সদগতিৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। প্ৰয়াত পবিত্ৰী বৰ্মনে মৃত্যুৰ সময়ত দুগৰাকী পুত্ৰৰ সহিতে স্বামী কবিন বৰ্মনৰ উপৰিও জী-জোৱাই আৰু কেইবাজনো নাতি পুতি ইহ সংসাৰত এৰি থৈ যায়।