হোজাইত তিনিজন অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড

 08/16/2019 - 19:23

ডবকাঃ হোজাই জিলাৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে আজি প্ৰদান কৰে এক ঐতিহাসিক ৰায়৷ হত্যাত অভিযুক্ত তিনিজন লোকক আদালতে বিহে যাৱজ্জীৱন কাৰাদণ্ড সহ দহহেজাৰ টকাকৈ জৰিমনা৷ যাৱজ্জীৱন কাৰাদণ্ড বিহা অপৰাধী কেইজন ক্ৰমে হাবিজুৰ ৰহমান, চইদুৰ ৰহমান আৰু চাহিদুৰ ৰহমান৷

উল্লেখ যে, অপৰাধীসকলে ২০০৯ চনত লংকাৰ কাকীৰ জাজৰী ব্লকত এক ভূমিকেন্দ্ৰিক বিবাদক কেন্দ্ৰ কৰি হবিবুৰ ৰহমান নামৰ লোকজনৰ ঘৰত সোমাই হত্যা কৰিছিল ৯ জন দুৰ্বৃত্তই৷ তাৰে তিনিজন অভিযুক্তক আজি আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।