ৰঙাপৰাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত

 08/16/2019 - 19:51

ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ৰেলৱে ইনষ্টিটিউট ভৱনত স্বাধীনতা দিৱস উপলক্ষে ভিজুৱেল ক্ৰিয়েটিভ স্কুল অফ ফাইন আৰ্ট নামৰ আৰ্ট স্কুলৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। আৰ্ট স্কুলখনৰ অধ্যক্ষ পাৰশ ৰামে আত ধৰা অনুষ্ঠানটিত প্ৰথম শ্ৰেণীৰ ‌পৰা দ্বাদশ শ্ৰেণীৰ মুঠ ১৯৬ জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

অনুষ্ঠানটিত মুখ্য অথিতি ৰূপে অংশগ্ৰহণ কৰি ৰঙাপৰা ৰেলৱে ইঞ্জিনীয়াৰিং বিভাগৰ সহকাৰী অভিযন্তা শীতাংশু বাৰ্মাই উঠি অহা নবপ্ৰজন্মক প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে কঠোৰ মনোনিবেশ তথা অধ্যয়নৰ বাবে আহ্বান জনায়। এটা নিৰ্দিষ্ট  লক্ষ্য থাকিব লাগিব আৰু সেই লক্ষ্য পূৰণ কৰিবলৈ তেওঁ নিজৰ সৰ্বস্ব উজাৰি দিব লাগিব।

তাৰোপৰি তেখেতে উল্লেখ কৰে যে  নিজৰ দক্ষতাৰ ভিত্তিত সেই লক্ষ্য নিৰ্ধাৰন কৰিব লাগিব। আগতীয়কৈ লক্ষ্য নিৰ্ধাৰণ কৰি সময়ৰ সঠিক ব্যৱহাৰ কৰাটো ছাত্ৰ-ছাত্ৰীৰ বাবে অতি গুৰুত্বপূৰ্ণু। শুদ্ধ আৰু কৌশলগতভাৱে কৰা কামে ছাত্ৰ-ছাত্ৰীক সদায় লক্ষ্যৰ কাষ চপাত সহায় কৰে বুলি ৰেলৱে বিষয়া গৰাকীয়ে উল্লেখ কৰে।

প্ৰতিযোগিতা খনত তেজপুৰ বিশ্ববিদ্যালয় কলা শাখাৰ প্ৰবক্তা বিশ্বজিৎ শৰ্মা আৰু উত্তম ৰয়ে বিচাৰকৰ ভূমিকা পালন কৰে। বঁটা বিতৰণী সভাত ৰঙাপৰা আৰক্ষী থানাৰ ভাৰপাপ্ত বিষয়া বুধিন পেগু, ৰঙাপৰা ৰেলৱে মজদুৰ ইউনিয়নৰ ৰঙাপৰা শাখাৰ সাংগঠনিক সম্পাদক অসীম ডেকা, ৰঙাপৰা প্ৰেছ ক্লাবৰ জেষ্ঠ সাংবাদিক ছাহিন আহমেদ আৰু ছাজাহান ছেলিম কুৰেছিয়ে অংশগ্ৰহণ কৰে।

সভাৰ অন্তত বিজয়ী ছাত্ৰ-ছাএীৰ মাজত বঁটা বিতৰন কৰা হয়|

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।