দলগাঁওঃ দলগাঁৱৰ শিমলুগুৰিত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি। জুৱাৰী-মদপী ভতিজাক নিয়ন্ত্ৰণ কৰিবলৈ গৈ বিপদত পৰিল দুই খুৰাক। জুৱা-মদ বন্ধ কৰিবলৈ দিয়াৰ বাবে মৃত্যৰ ভাবুকি দিয়াৰ পিছত যোৱা ৰাতি ১০ বজাত গোহালি ঘৰত অগ্নি সংযোগ কৰাত দুটাকৈ পশুধন আহত হোৱাৰ লগতে নিহত হয় কেবাটাও কুকুৰা। পাছত ওচৰ চুবুৰীয়াৰ সহযোগত অগ্নি নিৰ্বাপন কৰা বুলি জানিব পৰা গৈছে।
ইফালে ঘটনা সম্পৰ্কত ভুক্তভোগী তাহেৰ আলীয়ে দৈপাম আৰক্ষী চকীত অভিযুক্ত মাৰফত আলী আৰু খাদেজা খাতুনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ। তদন্তৰ বাবে দৈপাম আৰক্ষীক গাড়ীৰ তেল খৰচৰ বাবদ দাবী কৰা ধন আদায় দিয়াৰ পাছতো দুজন গৃহৰক্ষী জোৱানৰ দ্বাৰা খবৰ লবলৈ পঠাই ঘটনাস্থলীত। গৃহৰক্ষী জোৱানকো ভুক্তভোগীয়ে অতিৰিক্ত দুশ টকা দিয়াৰ পাছতো দৈপাম আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ তুলিছে পৰিয়ালটোৱে।