প্ৰবীন নাট্যশিল্পী ভবেন বৰাক শোণিতকোঁৱৰ গজেন বৰুৱা বঁটা-২০১৯ প্ৰদান

 08/16/2019 - 20:32

জামুগুৰিহাটঃ ওৰে জীৱন নাট্যশিল্প কলাৰ লগত নিজকে আত্মনিয়োগ কৰা প্ৰবীন নাট্যশিল্পী সু-অভিনেতা মঞ্চপ্ৰৱৰ জামুগুৰিহাটৰ ভবেন বৰাক প্ৰদান কৰা হয় ২০১৯ বৰ্ষৰ শোণিতকোঁৱৰ গজেন বৰুৱা বঁটা। আজি বিয়লি জামুগুৰিহাটৰ পৰিদৰ্শন বঙলা প্ৰাংগনত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত এখনি গাম্ভীৰ্যপূৰ্ণ সভাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে ভবেন বৰাক প্ৰদান কৰে ২০১৯ বৰ্ষৰ শোণিতকোঁৱৰ গজেন বৰুৱা বঁটা।

বঁটাটিৰ লগত মানপত্ৰ, অংগবস্ত্ৰ আৰু ২ লাখ টকাৰ চেক প্ৰদান কৰি সন্মানীত কৰে শিল্পীগৰাকীক। উক্ত সভাখনত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিছিল মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লব লোচন দাস, চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, শোণিতপুৰ আৰু বিশ্বনাথৰ কেইবাগৰাকীয়ো বিধায়কে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।