ঢেকীয়াজুলিঃ HRD commercial & Industrial Security Force Pvt ltd নামৰ এটি ব্যক্তিগত প্ৰতিষ্ঠানৰ দ্বাৰা নিযুক্তি লাভ কৰিছিল মহাবিদ্যালয়খনৰ ২৪ গৰাকী চতুৰ্থবৰ্গৰ কৰ্মচাৰীয়ে। নিযুক্তিৰ পিছৰে পৰা সঠিকভাৱে নিৰ্ধাৰণ হোৱা নাই কৰ্মসূচী। ফলত এইসকল কৰ্মচাৰীয়ে দিনৰ ভাগতো ডিউটি কৰাৰ পাছত সন্ধিয়া আৰু ৰাতিও কৰিব লাগে ডিউটি। ২০১৭ চনৰ আগষ্ট মাহত নিযুক্তি পোৱা মহাবিদ্যালয়খনৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰীৰ দৰমহাৰ পৰিমান আছিল ৮,৭৬৭ টকা। কিন্তু ১২ মাহে কোনোধৰণৰ দৰমহা নোপোৱাক লৈ এতিয়া আৰ্থিক দৈন্যতাত ভুগিছে ২৪ গৰাকী কৰ্মচাৰীয়ে।
উল্লেখনীয় যে শোণিতপুৰ পলিটেকনিকখন এইচ আৰ ডি ব্যক্তিগত প্ৰতিষ্ঠানটোৰ অধীনত আছিল যদিও ২০১৯ চনৰ মার্চ মাহত অসম চৰকাৰৰ লগত এইচ আৰ ডি চুক্তি পত্ৰৰ ম্যাদ উকলি যোৱাত শংকিত এইসকল কৰ্মচাৰী। কিয়নো ম্যাদ উকলি যোৱাৰ পাছতো কোনো ধৰণৰ জাননী প্ৰদান কৰা নাই এইসকল কৰ্মচাৰীক। নিষ্ঠাসহকাৰে দিন ৰাতি একাকাৰ কৰি কৰ্তব্য পালন কৰা কৰ্মচাৰীসকলক বঞ্চিত কৰি ৰখা হৈছে বেতন লাভৰ পৰা। এইচ আৰ ডিৰ দ্বাৰা নিযুক্তিপ্রাপ্ত ঠেলামৰাৰ শোণিতপুৰ পলিটেকনিকৰ দুৰ্ভগীয়া চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে অসম কাৰিকৰী শিক্ষা প্রতিষ্ঠানৰ সঞ্চালকক মাহিলী দৰমহা অতিশীঘ্রে আদায় দিয়াৰ দাবী জনাইছে।