চাটাৰ্ড একাউণ্টটেণ্টত সুখ্যাতিৰে উত্তীৰ্ণ মাৰ্ঘেৰিটাৰ শালিনী আগৰৱালা

 08/17/2019 - 14:14

মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটাৰ শালিনী আগৰৱালাই সদ্য ঘোষিত চাটাৰ্ড একাউণ্টটেণ্ট অৱ ইণ্ডিয়া কলকাতাৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ বাতৰিয়ে তিনিচুকীয়া জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ ২০১৪-১৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ পৰা অসমৰ ভিতৰত স্থান লাভ কৰিবলৈ কেৱল ৪ নম্বৰৰ বাবে বঞ্চিত হৈছিল যদিও অৰ্থনীতি বিষয়ত অসমৰ ভিতৰতে সৰ্বাধিক নম্বৰ লাভ কৰিছিল।

উচ্চতৰ মাধ্যমিক শ্ৰেণীত সুখ্যাতিৰে উৰ্ত্তীণ হৈ কলিকতাস্থিত চাটাৰ্ড একাউণ্টটেণ্ট অৱ ইণ্ডিয়াত নাম ভৰ্তি কৰিবলৈ সক্ষম হয়৷ শালিনী মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক বিনোদ আগৰৱাল আৰু ছন্দা দেৱীৰ জীয়ৰী৷ উল্লেখ্য যে শালিনী আগৰৱালাৰ ভাতৃ মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰ প্ৰিয়াংশু আগৰৱালাই সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বাণিজ্য শাখাত অসমৰ ভিতৰত অষ্টম স্থান অধিকাৰ কৰি মাৰ্ঘেৰিটালৈ গৌৰৱ কঢ়িয়াই আনিছিল৷

ভাতৃ তথা জ্যেষ্ঠ ভগ্নীৰ এই সফলতাই সমগ্ৰ তিনিচুকীয়া জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ শালিনীক বিভিন্ন দল সংগঠন তথা শুভাকাংশী ৰাইজে শুভেচ্ছা জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।