মহানগৰীত ৮৩৭ বিহুৱতী,১৩৭ ঢুলীয়া, ২২ জন পেঁপাবাদকেৰে বিহু প্রদর্শন কৰি গঢ়িলে ৰেকৰ্ড

 04/01/2019 - 16:52

গুৱাহাটীঃ আমি অসমীয়া বিহুতে বলিয়া। বিহু বুলি ক’লেই অসমীয়াৰ গা সাতখন-আঠখন হয়। অসমীয়াৰ বাপতিসাহোন বিহুলৈ এপষকো নাই। এনে আনন্দৰ বতৰতে অসমলৈ আহিছে এক সুখবৰ। ৮৩৭গৰাকী বিহুৱতী, ১৩৭গৰাকী ঢুলীয়াসহ ২২ গৰাকী পেঁপাবাদকেৰে বিহুনৃত্য প্রদর্শন কৰি ইণ্ডিয়া বুক অব ৱৰ্ল্ড ৰেকৰ্ডছৰ অধিকাৰী হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে সামাজিক-সাংস্কৃতিক উন্নয়ন সংস্থা 'সাতসৰীয়ে।

উদ্যোক্তাসকলে অসমীয়াৰ বাপতিসাহােন বিহুক বিশ্ব দৰবাৰত প্রতিষ্ঠিত কৰিবলৈ ৫০০ গৰাকী বিহুৱতী আৰু ১০০গৰাকী ঢুলীয়াক লৈ পৰম্পৰাগত লােকবাদ্যৰে বিহুনৃত্য প্রদর্শনৰ লক্ষ্য নির্ধাৰণ কৰিছিল। তেওঁলােকৰ এই প্রচেষ্টাই লভিলে ব্যাপক সঁহাৰি। গুৱাহাটীৰ ভৰলুমুখৰ সােণাৰাম হাইস্কুল খেলপথাৰত আয়ােজিত এই অনুষ্ঠানত নির্ধাৰিত লক্ষ্যতকৈও অধিকসংখ্যক অংশগ্রহণকাৰীয়ে নৃত্যত ভাগ লৈ সাফল্য কঢ়িয়াই আনে সামাজিক-সাংস্কৃতিক উন্নয়ন সংস্থালৈ।

অভিলেখ সৃষ্টিকাৰী এই নৃত্যানুষ্ঠান উদ্বোধন কৰে ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপাচার্য ড° অমৰজ্যোতি চৌধুৰীয়ে। ভাষণ প্রসংগত তেওঁ উদ্যোক্তা সংগঠন ‘সাতসৰী’ৰ এই মহান প্রয়াসক আদৰণি জনাই সকলাে শিল্পীকে বিশ্ব দৰবাৰত নাম উজলােৱাৰ বাবে শুভকামনা যাচে।

অসম আৰক্ষীৰ জ্যেষ্ঠ বিষয়া ড’ নন্দ সিং বৰকলাইয়ে ঢােল-পেঁপাৰ নিনাদেৰে বিশ্বজনীন হােৱাৰ দিশলৈ অগ্ৰসৰ হােৱা ‘সাতসৰীক অভিবাদন জনায়। অনুষ্ঠানৰ আদিতে সকলােকে আদৰণি জনায় সংগঠনৰ সভানেত্রী মন্দিৰা বৰুৱাই। উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় সম্পাদিকা মঞ্জুলা ভট্টাচার্যই। এই অনুষ্ঠানত আনিছ উজ জামান, ড° যােগেন কলিতা, চেতনা দাস, ড° আৰতি কলিতা, অণিমা গগৈ, হৰিপ্রিয়া বাৰুকিয়াল বৰগােহাঞি, মৃদুলা শর্মাকে ধৰি কেইবাগৰাকী বিশিষ্ট লােক উপস্থিত আছিল। সাতসৰী'ৰ সভানেত্রী মন্দিৰা বৰুৱা আৰু সম্পাদিকা মঞ্জুলা ভট্টাচার্যই ইণ্ডিয়া বুক অব ৱর্ল্ড ৰেকৰ্ডছৰ বিচাৰকৰ পৰা মানপত্ৰ আৰু বঁটা গ্রহণ কৰে।

উল্লেখ্য যে উক্ত নৃত্য প্রদর্শনৰ সময়ত সােণাৰাম খেলপথাৰৰ চৌপাশে সৃষ্টি হয় এক অনন্য দৃষ্টি নান্দনিক পৰিবেশ। উপস্থিত ভালেসংখ্যক লােকে মন্ত্রমুগ্ধ হৈ উপভােগ কৰিলে উক্ত অনুষ্ঠান। ঢোলৰ ছেওঁত গোমগোমাই উঠা পৰিৱেশে বহুজনকে কৰি তুলিলে আৱেগিক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।