ডিজিটেল ডেস্কঃ শুকুৰবাৰে শিক্ষক মহাসংঘ সৰ্বশিক্ষা অসম গোটৰ এটা প্ৰতিনিধিৰ দলে বৰপেটা সৰভোগৰ বি এন মবাহিদ্যালয় প্ৰেক্ষাগৃহত অসম প্ৰদেশ বিজেপিৰ সভাপতি শ্ৰীযুত ৰঞ্জিত কুমাৰ দাসক সাক্ষাৎ কৰে। সৌহাদ্যপূৰ্ণ এই সাক্ষাৎতত সৰ্বশিক্ষাৰ ঠিকাভিত্তিক বেতন বঞ্চিত শিক্ষক সকলৰ দীৰ্ঘদিনীয়া সমস্যাৰ বিষয়ে আলোচনা কৰা হয়।
সৰ্বশিক্ষাৰ অধীনৰ IE, CV আৰু RP সকল বছৰ বছৰ ধৰি বঞ্চিত হৈ আহিছে যাৰ ফলত তেখেতসকলৰ বয়সৰ উচ্চসীমাও অতিবাহিত হ’বলৈ ধৰিছে৷ চৰকাৰে অতি শীঘ্ৰেই এই দীৰ্ঘদিনীয়া সমস্যাটো সামাধান নকৰিলে হয়টো বহু শিক্ষকে অন্ধকাৰ ভৱিষ্যতলৈ যাত্ৰা কৰিব৷ এই সকলো দিশ সামৰি প্ৰতিনিধিৰ দলটোৱে প্ৰদেশ বিজেপিৰ সভাপতি গৰাকীক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে৷
সভাপতি গৰাকীয়ে লগতে উল্লেখ কৰে যে এই সমস্যা সামাধানত আগভাগ লৈ সকলো ঠিক কৰিব বুলি শিক্ষক প্ৰতিনিধি দলটোক আশ্বাস প্ৰদান কৰে৷ এই সাক্ষাৎ সময়ত উপস্থিত আছিল শিক্ষক মহাসংঘ সৰ্বশিক্ষা অসম গোটৰ সাধাৰণ সম্পাদক বলিন ডেকা, বৰপেটা জিলা সমিতিৰ সভাপতি সঞ্জয় ভৰালী আৰু সদস্য গোলাপী দে, বিজুমণি দাস আৰু মিনু নাৰ্জাৰী৷