বৰপেটাঃ অসমীয়া জাতিৰ ৰক্ষাকবচ স্বৰূপ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতকৰণৰ কাম পূৰ্ণ গতিত চলি থকাৰ সময়তে শুদ্ধ এনআৰচি প্ৰস্তুত কৰাৰ দাবীত আজি বৰপেটাত হিন্দু জাগৰণ মঞ্চই এক প্ৰতিবাদী সমদল উলিয়ায়। হিন্দু জাগৰণ মঞ্চ (অসম)ৰ বৰপেটা জিলা সমিতিয়ে উলিওৱা এই সমদলৰ জৰিয়তে এনআৰচিত যাতে কোনো ভাৰতীয়ৰ নাম বাদ নপৰে আৰু কোনো বিদেশীৰ নাম অন্তৰ্ভুক্ত নহয় সেয়া দাবী জনায়। বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা উলিওৱা এই সমদল চহৰখনৰ মূখ্য পথেৰে পৰিভ্ৰমণ কৰি বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়লৈ ৰাওনা হয়।
প্ৰতিবাদকাৰীসকলে প্ৰতীক হাজেলা মুৰ্দাবাদ, বাংলাদেশী মুছলমান হুচিয়াৰ আদি বিভিন্ন শ্লোগানেৰে বৰপেটাৰ আকাশ বতাহ মুখৰিত কৰি তোলে। লক্ষণীয় যে বাংলাদেশৰ সীমান্তৱৰ্ত্তী জিলাবোৰত অতীজৰে পৰা বাংলাদেশীৰ প্ৰবজন এক জ্বলন্ত সমস্যাৰূপে পৰিগণিত হৈ আহিছে। ইয়াৰ ফলশ্ৰুতিতেই ভয়াবহ ভৱিষ্যতৰ আশংকাত অসম আন্দোলনৰ সূচনা হৈছিল।
হিন্দু জাগৰণ মঞ্চ (অসম) বৰপেটা জিলা সমিতিৰ পৰা উল্লেখ কৰে যে এন আৰ চিৰ ভিত্তিবৰ্ষ ১৯৫১ ৰ পৰিৱৰ্তে ১৯৭১ কৰিব লাগে। অসমে কিয় ২০ বছৰৰ অবৈধ মুছলমান বাংলাদেশীৰ বোজা বহন কৰিব বুলিও চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰে। পৰৱৰ্তী সময়ত জিলা দণ্ডাধীশৰ জৰিয়তে ভাৰতৰ গৃহ সচিব আৰু এন আৰ চি সমন্বয়ক প্ৰতীক হাজেলালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে হিন্দু জাগৰণ মঞ্চ (অসম)ৰ বৰপেটা জিলা সমিতিয়ে।