মহাবিদ্যালয়ৰ অধ্যক্ষৰ ভেৰোণীয়া গুণ্ডা বাহিনীৰ আক্ৰমণত আহত ছাত্ৰ

 08/17/2019 - 15:45

 মানকাচৰঃ মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা মহাবিদ্যালয়ত আজি প্ৰচণ্ড মাৰপিটৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ অভিযোগ মতে, মহাবিদ্যালয়ৰ অধ্যক্ষৰ এদল ভেৰোণীয়া গুণ্ডাই মহাবিদ্যালয়ৰ চৌহদত আহি অতৰ্কিতে ছাত্ৰ একতা সভাৰ সভাপতি গোলাম ছানোৱাৰ আৰু তেওঁৰ লগৰীয়াসকলৰ ওপৰত ৰ’ড, দা, ডেগাৰ আদি চোকা অস্ত্ৰৰে আক্ৰমণ চলাই প্ৰাণ লোৱাৰ চেষ্টা চলায়৷

জানিব পৰা মতে, কলেজৰ ছাত্ৰ একতা সভাৰ সভাপতি আৰু সদস্যসকলে কলেজৰ বাৰ্ষিক মেগাজিন আৰু স্কুলৰ বিভিন্ন সমস্যাৰ সম্পৰ্কে আলোচনা কৰিবলৈ অধ্যক্ষৰ ওচৰত গৈছিল কিন্তু অধ্যক্ষই গুৰুত্ব নিদি কলেজৰ পৰা বাহিৰলৈ গৈ ভেৰোণীয়া গুণ্ডা বাহিনীৰ হতুৱাই ছানোৱাৰ আৰু তেওঁৰ লগৰীয়াসকলৰ ওপৰত আক্ৰমণ চলায়৷ আক্ৰমণত গুৰুত্বৰভাৱে আহত হয় গোলাম ছানোৱাৰ (ছাত্ৰ একতা সভাৰ সভাপতি), মোস্থাফিজুৰ ৰহমান (ছাত্ৰ), ইক্ৰামুল ইছলাম (ছাত্ৰ)৷ আহত কেইজনক সংকটজনক অৱস্থাত গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে৷

ইতিমধ্যে এই সন্ধৰ্ভত দঃশালমাৰা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰি অধ্যক্ষ আব্দুল বাৰেক মিঞা আৰু উপাধক্ষ্য জয়নাল আবেদিনৰ লগতে ভেৰণীয়া গুণ্ডা বাহিনীক আটক কৰিবলৈ দাবী জনায়৷ আৰক্ষী তদন্তৰ পিছতহে পোহৰলৈ আহিব এই ঘটনাৰ আঁৰৰ ৰহস্য৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।