পিজেএচিবিএমৰ প্ৰতিষ্ঠা দিৱস পালন

 04/01/2019 - 17:04

তামুলপুৰঃ পিপ’লছ জইন্ট এক্সন কমিটি ফ’ৰ বৰোলেণ্ড ম’ভমেন্ট চমুকৈ পিজেএচিবিএম-ৰ নৱম প্ৰতিষ্ঠা দিৱস দুদিনীয়া কাৰ্যসূচীৰে বাক্সা জিলাৰ তামুলপুৰত অনুষ্ঠিত হৈ যায়৷ যোৱা ৩০ আৰু ৩১ মাৰ্চত দুদিনীয়াকৈ অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ মুখ্যদ্বাৰ উদ্বোধন কৰে আদৰণি সমিতিৰ সভাপতি তথা যুৱনেতা আব্দুল ছামাদ চৌধুৰীয়ে৷

দীৰ্ঘদিন বড়োভূমিত শান্তি প্ৰতিষ্ঠা আৰু সকলো ধৰ্মাৱলম্বী লোকৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰখা পিজেএচিবিএম-এ উন্নয়নৰ বাবে সংগ্ৰাম চলাই অহাৰ লগতে চৰকাৰক হেঁচা প্ৰয়োগ কৰি আহিছে৷

৩১মাৰ্চত অনুষ্ঠিত মুকলি সভাত এবছুৰ সভাপতি প্ৰমোদ বড়ো,এনডিএফবি প্ৰগতিৰ সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰী, ইউপিপিএলৰ নেতা ইউজি ব্ৰহ্ম,ৰাকেশ বড়ো আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।