শলাবোবা প্ৰাথমিক বিদ্যালয়ত আপকু আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ চিকিৎসা শিবিৰ

 08/17/2019 - 16:40

দেৰগাঁওঃ গোলাঘাট জিলাৰ দেৰগাঁও ৰাজহ চক্ৰৰ অৰ্ন্তগত শলাবোবা প্ৰাথমিক বিদ্যালয়ত আজি আসাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকুৰ দেৰগাঁও মহকুমাৰ আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ উদ্যোগত এক চিকিৎসা শিৱিৰ আয়োজন কৰা হয়। বানে ধোৱা অঞ্চলৰ ৰাইজৰ মাজত উদ্ভৱ হব পৰা বিভিন্ন বেমাৰ চিকিৎসা প্ৰদানৰ বাবে নুমলীগড় শোধনাগাৰৰ বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ৰ ভ্ৰাম্যমাণ চিকিৎসা সেৱা শিৱিৰ গোটৰ তত্বাৱধানত ৰাইজৰ মাজত বিনামূলীয়া ঔষধ বিতৰণৰ লগতে চিকিৎসা প্ৰদান কৰা হয়।

ডাঃ বনদীপা চক্ৰৱৰ্ত্তী নেতত্বত চলোৱা চিকিৎসা সেৱাত ডাঃ ধ্ৰুৱজ্যোতি বৰা, ডাঃ চনু পল, ডাঃ হৃষিকেশ গোস্বামীৰ লগতে পৰিচাৰ্যিকা পূৰ্ণিমা গোৱালা আৰু মনোৰমা সেনে সেৱা আগবঢ়োৱাই। চিকিৎসা সেৱা আৰম্ভ কৰাৰ আগতে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বিষয়ববীয়াৰ দ্বাৰা চিকিৎসাক আৰু চিকিৎসা কৰ্মী সকলৰ লগতে আপকুৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক প্ৰনৱ চক্ৰৱৰ্ত্তী, দেৰগাঁও মহকুমা সমিতিৰ সভাপতি ৰাজমোহন শৰ্মা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বিষয়ববীয়া সত্যজিৎ হাজৰিকা, জুতি হাজৰিকা, দিব্যজ্যোতি তামুলী, সঞ্জীৱ বৰা আৰু প্ৰগ্ৰেম ব্যৱস্থাপক ৰাহুল ৰাজপুত, দিপমুন বাৰুকিয়াল, বুদ্ধেশ্বৰ সোণোৱাল, বিশ্বজিৎ গগৈ আদিক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

চিকিৎসা শিৱিৰত স্থানীয় কেইবাখনো গাঁৱৰ বিভিন্ন বয়সৰ ৰাইজ উপস্থিতহৈ চিকিৎসা সেৱা উপভোগ কৰাৰ লগতে বিনামূলীয়া ঔষধ সংগ্ৰহ কৰে। চিকিৎসা শিৱিৰ আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ৰ বিষয়ববীয়া সকলে প্ৰাৰ্থনা পৰ্বৰে আৰম্ভ কৰে। উল্লেখ্যযোগ্য যে শেহতীয়াকৈ অহা বানত দেৰগাঁও ৰাজহ চক্ৰৰ অৰ্ন্তগত কেবাখনো গাঁও জলমগ্ন হৈছিলে। আজি আসাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন দেৰগাঁও মহকুমা সমিতি আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ উদ্যোগত অনুষ্ঠিত চিকিৎসা শিবিৰক লৈ স্হানীয় ৰাইজে সঁহাৰি জনোৱাৰ লগতে উদ্যোগতৰ শলাগ লয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।