বটদ্ৰৱাত শিশুৰ সলিল সমাধি

 08/17/2019 - 17:15

বটদ্ৰৱাৰঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী হাইডুবিত এটি শিশু পানীত পৰি মৃত্যু হোৱা খবৰে বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। প্ৰাপ্ত খবৰ অনুসৰি, আজি পুৱা হাইডুবি গাঁৱৰ মজিবুৰ ৰহমানৰ সাত বছৰীয়া কন্যা মনজিলা খাতুনে সমনিয়াৰ লগত ঘৰৰ ওচৰতে পুখুৰীত গা ধুই থকা অৱস্থাত পানী পৰি মৃত্যু হয়। বটদ্ৰৱা আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ ভাৱে নগাঁৱলৈ প্ৰেৰণ কৰে। এনেদৰে পানীত পৰি অকাল মৃত্যুক সাবটি লোৱা শিশু জনৰ মৃত্যু হোৱাত বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।