হোজাইৰ উপায়ুক্ত কাৰ্যালয়ত হিন্দু জাগৰণ মঞ্চৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী

 08/17/2019 - 17:33

লংকাঃ হোজাইৰ উপায়ুক্ত কাৰ্যালয়ত হিন্দু জাগৰণ মঞ্চৰ ধৰ্ণা আৰু প্ৰতিবাদী কাৰ্যসূচী। জিলাখনৰ সদৰ শংকৰদেৱ নগৰৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত হিন্দু জাগৰণ মঞ্চৰ কেইবা শতাধিক কৰ্মীয়ে প্ৰকৃত ভাৰতীয়ৰ নাম কৰ্তন কৰি বিদেশীৰ নাম অন্তৰ্ভুক্তিৰে অশুদ্ধ এন আৰ চি তালিকা প্ৰস্তুতিৰ বিৰোধিতাৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

এন আৰ চিৰ সমন্বয়ক প্ৰতীল হাজেলা মুৰ্দাবাদ, প্ৰতীক হাজেলাৰ মইমতালি নচলিব, আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে প্ৰতিবাদকাৰী সকলে। ১৯৪৭ চন এতিয়া নহয় বুলি হুংকাৰ দি হিন্দু জাগৰণ মঞ্চই অসমক আৰু ভাগ ভাগ কৰিব দিয়া নহ’ব বুলি সকিয়নী দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।