১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত প্ৰকাণ্ড গাঁত

 08/17/2019 - 17:44

খাৰুপেটীয়াঃ খাৰুপেটীয়া পৌৰ সভাৰ দায়িত্ব জ্ঞানহীন কাণ্ডই অতিষ্ঠ কৰি তুলিছে পথচাৰীৰ লগতে ব্যৱসায়ী সকলক। উল্লেখযোগ্য যে দৰঙৰ খাৰুপেটীয়া নগৰৰ মাজমজিয়াত প্ৰায় এমাহ পূৰ্বে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ তলেদি যোৱা নলা এটা মেৰামতিৰ বাবে জেচিবিৰে গাঁত খান্দি নলা মেৰামতিৰ কাম আৰম্ভ কৰে পৌৰ সভাৰ বিষয়া কৰ্মচাৰী সকলে। অতি ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ গাঁত জেচিবিৰে বৃহৎ আকাৰৰ পুখুৰী সদৃশ গাঁত খান্দি নলা মেৰামতিৰ কাম বিষয়া কৰ্মচাৰী সকলে সম্পূৰ্ণ কৰে যদিও উক্ত বৃহৎ আকাৰৰ উন্মক্ত গাঁতে পথচাৰীৰ লগতে ব্যৱসায়ী সকলক যমৰ যাতনা ভোগাইছে।

ৰাষ্ট্ৰীয় ঘাইপথ আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানৰ মাজত খন্দা মৰণফান্দ সদৃশ বৃহৎ আকাৰৰ গাঁতটোৱে পথচাৰীৰ লগতে ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহত অহা যোৱা কৰা লোক সকলকো পেলাইছে বিপাঙত। সদাব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে ব্যৱসায়ী প্ৰতিষ্ঠানৰ সন্মুখত বৃহৎ আকাৰৰ গাত খান্দি পকী নলা নিৰ্মাণৰ পৰিৱৰ্তে বাঁহৰ খুটা আৰু মাটিৰ বস্তা কেইটামান পেলাই দায়িত্ব সামৰে বিজেপি নেতৃত্বাধীন খাৰুপেটীয়া পৌৰ সভাই। কেন্দ্ৰ ,ৰাজ্যৰ লগতে বিজেপিৰ দখলত থকা খাৰুপেটীয়া পৌৰসভাৰ বৰমূৰীয়া সকলে এমাহ পূৰ্বে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অতি ঠেক অংশত নলা মেৰামতিৰ নামত পুখুৰী সদৃশ গাঁত খান্দি নিৰৱতা অৱলম্বন কৰাত আশ্চৰ্য প্ৰকাশ কৰে পথচাৰী, ব্যৱসায়ীৰ লগতে সচেতন ৰাইজে। উন্নয়নৰ ঢাকঢোল বজোৱা বিজেপি নেতৃত্বাধীন খাৰুপেটীয়া পৌৰ সভাৰ এনে কান্ডই উদঙাই দিছে কামৰ প্ৰকৃত নমুনা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।