কছাই খানালৈ পৰিণত ধিঙৰ ৰৌমাৰী ৰাহেদ আলী মুক্তাৱ বিদ্যালয়

 08/17/2019 - 18:02

ধিংঃ প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰা উদ্দেশ্য চৰকাৰে কেতবোৰ অভিলাষী আঁচনি গ্ৰহণ কৰি অহা বুলি বিজ্ঞাপন অথৱা বিভিন্ন সভা-সমিতিৰ জড়িয়তে দাবী কৰি আহিছ যদিও নগাঁও জিলাত যেন ইয়াৰ বিপৰীত ছবি খনহে দেখিবলৈ পোৱা গৈছে। নগাঁও জিলাৰ জুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তর্গত ৰৌমাৰী ৰাহেদ আলী মুক্তাৱ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে মধ্যাহ্ন ভোজন আৰু গৃহ নিৰ্মাণকে ধৰি বিদ্যালয়ৰ সামগ্ৰীক উন্নয়নৰ নামত লুণ্ঠণ চলোৰ। এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্য অব্যাহত আছে।

উল্লেখ্য যে, জুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ৰৌমাৰী ৰাহেদ আলী মুক্তাৱ বিদ্যালয়ৰ প্ৰধান শিক্ষক আবু শ্বামাই বিগত বহু দিন ধৰি বিদ্যালয় খনত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংগটিত কৰি অহাৰ গুৰুতৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। প্ৰধান শিক্ষক আবু শ্বামাই মধ্যাহ্ন ভোজনৰ ধন বিদ্যালয় পৰিচালনা সমিটিৰ অজ্ঞাতে জাল চহীৰে আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। তদুপৰি বিদ্যালয় খনৰ ৰান্ধনী গৃহ নিৰ্মাণৰ বিপৰীতে চৰকাৰে যোগান ধৰা ডেৰ লাখ টকাও কাম নকৰাকৈ সম্পূৰ্ণ হোৱা দেখুৱাই সভাপতিৰ চহী জাল কৰি ধন অত্মসাৎ কৰা বুলি এেক অভিযোগতে প্ৰকাশ কৰে। ইফালে এই জন দুৰ্নীতি গ্ৰস্ত প্ৰধান শিক্ষকে বিদ্যালয় খনৰ সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বাবে আৱণ্টিত জলপানিৰ ধন আত্মসাৎ কৰে অত্যাধিক ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দেখুৱাই।

শেহতীয়াকৈ যোৱা ১২ আগষ্টত অথাৎ পবিত্ৰ ঈদৰ দিনা পৰিচালনা সমিটিৰ অনুমতি নোলোৱাকৈয়ে বিদ্যালয়ৰ চৌহদত কেইবাটাও গৰু কাটিবলৈ অনুমতি দিয়াক লৈ সৃষ্টি হৈছে আন এক বিতর্কৰ। যি ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্য অব্যাহত আছে। কিয়নো গৰু কটাৰ পিছদিনাৰ পৰাই বিদ্যালয় খনৰ পৰিৱেশৰ দূষিত হৈ পৰাত পাঠদানত বিঘ্নিত জন্মিছে। আনকি এইজন দুৰ্নীতি পৰায়ন প্ৰধান শিক্ষকে নিজ খিয়াল খুছি মতেই বিদ্যালয় পৰিচালনা সমিতি গঠন কৰাৰ অভিযোগ উঠিছে। এই বিদ্যালয় খনত প্ৰধান শিক্ষক জনে সংগটিত কৰি অহা দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে যোৱা ১৩ আগষ্টত স্থানীয় ৰাইজে নগাঁও জিলা উপায়ুক্তৰ ওচৰত এক লিখিত অভিযোগ দাখিল কৰে। জিলা উপায়ুক্তই দুৰ্নীতিগ্ৰস্ত প্ৰধান শিক্ষক আবু শ্বামাৰ বিৰুদ্ধে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্ত্তী সময়ত লক্ষণীয় হব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।