যোৰহাটত অনুসূচীত জাতি ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

 08/17/2019 - 18:12

যোৰহাটঃ যোৰহাট জিলা উপয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সদৌ যোৰহাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই। বেকলগ পদ পূৰণ কৰক, ভূমিপট্টা প্ৰদান কৰক, ছাত্ৰবৃত্তি নিয়মীয়া কৰক আদি ৯ টা দাবী সম্বলিত প্লে কাৰ্ডলৈ বিভিন্ন চৰকাৰ বিৰোধী শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে। অনাগত দিনত যদি চৰকাৰে তেওঁলোকৰ দাবী পূৰণ নকৰে, ইয়াতকৈও জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।