বিহালী কনিষ্ঠ মহাবিদ্যালয়ত নৱাগত আদৰণী সভা

 08/17/2019 - 18:58

বিহালীঃ বিহালী আজি বিহালী কনিষ্ঠ মহাবিদ্যালয়ত দিনযোৰা কাৰ্যসুচীৰে ২০১৯ চনৰ নৱাগত আদৰণী সভা অনুষ্ঠিত হয়। বিহালী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ পৰশু ছেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত জিলা খনৰ ভিতৰতে গহপুৰস্থিত আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান মৰ্ণিংষ্টাৰ স্কুলৰ পৰিচালন সঞ্চালক যাদৱ চলিহাই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি কয় যে ‘শিক্ষা হৈছে সমগ্ৰ বিশ্বক সংযোগ কৰিব পৰা এখন দলং। শিক্ষা থাকিলে বিশ্বৰ যিকোনো ঠাইতে এজন প্ৰতিষ্ঠিত ব্যক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰি। বিহালী মহাবিদ্যালয়ৰ দৰে এখন চৰকাৰী শিক্ষানুষ্ঠানতে সমগ্ৰ বিশ্ব খন আৱদ্ধ হৈ আছে। এই শিক্ষানুষ্ঠানবোৰত কোনো জাতি- ধৰ্ম, উচ্চ-নীচ আদিৰ কোনো স্থান নাই’। লগতে তেওঁ কয় যে ব্যক্তিগত শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী সকলৰ সামাজিক পৰিৱেশৰ সৈতে কোনো খাপ খাব পৰা সম্পৰ্ক নাথাকে কিন্তু এখন চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী সকলে সামাজিক পৰিৱেশৰ সৈতে যোগাত্মক সম্পৰ্ক গঢ়ি তুলিব পাৰে।

বিশ্বনাথ জিলা সাহিত্য সভাৰ কাৰ্যকৰী সদস্যা তথা কবি সাহিত্যিক ৰূপালী দাসে মহাবিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰে। ইফালে ২০১৯ বৰ্ষৰ মেডিয়া ফেলশ্বিপ বঁটা প্ৰাপক বিশ্বনাথ জিলাৰ একমাত্ৰ সাংবাদিক তথা বিহালীৰ গৌৰৱ প্ৰণীতা ৰয় ভূঞাক এই সভাতেই মহাবিদ্যালয়ৰ তৰফৰ পৰা কিতাপৰ টোপোলা, ফুলাম গামোচাৰে বিশেষ সম্বৰ্দ্ধনা জনায়। সম্বৰ্দ্ধনা গ্ৰহণ কৰি সাংবাদিক গৰাকীয়ে ভাষন প্ৰসংগত কয় যে-"গ্ৰাম্যাঞ্চলত মহিলা সাংবাদিকৰ সংখ্যা তেনেই নগন্য। ছাত্ৰী সকলে সাংবাদিকতাক নিজৰ জীৱনৰ লক্ষ্য হিচাপে লৈ পুৰুষৰ সৈতে সমানেই আগুৱাই যোৱাতো অতি প্ৰয়োজন। কেতিয়াবা কিছু সাংবাদিক পথভ্ৰষ্ট হোৱাৰো খবৰ পোৱা যায়। গতিকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ স্বৰূপ অতি গুৰুত্বপূৰ্ণ অংশ সাংবাদিকৰ প্ৰতি দৃষ্টি নিবদ্ধ কৰাটো সমাজৰো দায়িত্ব আছে"৷

মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে কুৰিটাতকৈও অধিক সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰি সভাত এক উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। সভাত বিহালী মহাবিদ্যালয়ৰ প্ৰাক্তন সভাপতি বিপুল শৰ্মা, বৰ্তমানৰ সভাপতি পদ্মলোচন বৰা, মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দোলন চন্দ্ৰ দাস, বিহালী স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষ জীৱন চন্দ্ৰ নাথ, মহাবিদ্যালয় প্ৰতিষ্ঠা কালৰ সদস্য মহম্মদ আলি হুছেইন, জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ক্ষীৰোদ দাসে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। সভাত ছাত্ৰ ছাত্ৰী সকলৰ লগতে বিহালী কনিষ্ঠ আৰু বিহালী স্নাতক দুয়োখন মহাবিদ্যালয়ৰ শিক্ষক সকল উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।