নেপালত ধুমুহা-বৰষুণত নিহত ২৫ জন লোক

 04/01/2019 - 18:18

কাঠমাণ্ডুঃনেপালত ৩১ মাৰ্চৰ বিয়লি অহা এজাক প্ৰচণ্ড ধুমুহা-বৰষুণত বহুত ক্ষয়-ক্ষতি হয়।

জানিব পৰামতে দক্ষিণ নেপালৰ বাৰা জিলাৰ লগতে কাষৰীয়া পাৰছা নামৰ জিলাখনত হোৱা ধুমুহা-বৰষুণে বহুতো লোকৰ প্ৰাণ কাঢ়ি নিয়ে।

ঘটনাটোত প্ৰায় ২৫ জন লোক নিহত হৈছে আৰু সেনাজোৱানসকলে উদ্ধাৰ কাৰ্য্যত ব্যস্ত হৈ চাৰি শতাধিক আহত লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

বৰ্তমান আহত লোকসকলক হাস্পতালসমূহত স্বাস্থ্য সেৱা প্ৰদান কৰি থকা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.