উত্তৰ গুৱাহাটী জি এন আৰ চিত ৰোগীৰ মৃত্যুকলৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি

 08/17/2019 - 20:06

আমিনগাঁওঃ উত্তৰ গুৱাহাটী জি এন আৰ চিত ৰোগীৰ মৃত্যুকলৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। ভুল চিকিৎসাৰে জি এন আৰ চিয়ে প্ৰাণ কাঢ়িলে বঙাইগাঁৱৰ এগৰাকী মহিলা ৰোগীৰ। নাৰ্ভৰ(ধমণী) ৰোগীক টিউমাৰৰ চিকিৎসা প্ৰদান কৰাত ৰক্তক্ষৰণ হৈ মহিলাগৰাকীৰ মৃত্যু হয়। জানিব পৰা মতে ৰোগীৰ আত্মীয়ই ১৫ আগষ্টত উত্তৰ গুৱাহাটীৰ জি এন আৰ চিত মহিলাগৰাকীৰ ভৰ্তি কৰাইছিল৷ মহিলাগৰাকী বঙ্গাইগাওঁৰ বন্দনা হালৈ৷উল্লেখ্য যে চিকিৎসকে ৰোগীৰ অনুমতি অবিহনে অপাৰেচন কৰাৰ ব্যৱস্থা কৰি অপাৰেচন থিয়েটাৰত ৰোগীক ভৰ্তিকৰি ৰোগীৰ আত্মীয়ক সুধিলে ‘পেচেন্টৰ  জণ্ডিচ নে আন বেমাৰ’।

আৰু অনুমানৰ ভিত্তিত অপাৰেচন কৰা হ'ল টিউমাৰৰ। যাৰ পৰিণতিত কৰুণ মৃত্যুক সাবটিলে বন্দনা হালৈয়ে৷ ৰোগীৰ মৃত্যুৰ পাছত চিকিৎসক জোনাইড আহমেদে আত্মগোপন কৰে। অচিনাক্ত নম্বৰৰ ফোন কৰিলেও ফোন নধৰে চিকিৎসক জোনাইড আহমেদে। অৱশেষত ফোন ব্লক কৰি  নিৰাপদ অৱস্থান কৰে চিকিৎসকগৰাকীয়ে। উত্তৰ গুৱাহাটী জি এন আৰ চিত অনভিজ্ঞ চিকিৎসকৰ বাবেই সঘনাই সংঘটিত হয় এনে লোমহৰ্ষক ঘটনা ।কিন্তু সংবাদ মাধ্যমৰ মুখামুখি নহয় জি এন আৰ চিৰ কৰ্তৃপক্ষ। পিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ উঠি ৰজা বহি ৰজা এনে চিকিৎসালয়ক নাকি লগাব কোনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।