পুনৰ জুবিন গাৰ্গৰ বিৰুদ্ধে সৰৱ ব্ৰাহ্মন সমাজ

 08/17/2019 - 20:34

গোলাঘাটঃ পুনৰ জুবিন গাৰ্গৰ বিৰুদ্ধে সৰৱ ব্ৰাহ্মন সমাজ। এইবাৰ গোলাঘাটৰ ব্ৰাহ্মন সমাজৰ ১০০৮ জন ব্ৰাহ্মনে গোলাঘাটৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ যোগেদি ৰাজ্যপাললৈ প্ৰেৰণ কৰিলে স্মাৰক পত্ৰ। জুবিন গাৰ্গৰ পৰিচালিত কাঞ্চনজংঘা নামৰ বোলছবিখনত ব্ৰাহ্মন সম্প্ৰদায়ৰ পবিত্ৰ লগুন ছিঙি দিয়া এটা দৃশ্য সংলগ্ন কৰা হৈছে বুলি সংবাদ মাধ্যমত জুবিন গাৰ্গে মন্তব্য কৰাৰ পাছত জাঙুৰ খাই উঠিছে গোলাঘাট ব্ৰাহ্মন সমাজ।

ধৰ্মত আঘাত হনাৰ অভিযোগ তুলি বোলছবিখনৰ পৰা সেই দৃশ্যটো আঁতৰাবলৈ আহ্বান জনায় গোলাঘাট ব্ৰাহ্মন সমাজে। অতি শীঘ্ৰে যদি লগুন ছিঙা দৃশ্যটো কাঞ্চনজংঘা ছবিখনৰ পৰা আঁতৰাই নিদিয়ে তেন্তে গোলাঘাটত বোলছবিখনৰ Promositionৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিয়ে ব্ৰাহ্মন সমাজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।