বৰবৰুৱাত বাগানৰ নলাত উদ্ধাৰ যুৱতীৰ মৃতদেহ

 08/17/2019 - 20:44

খোৱাংঃ বৰবৰুৱা আৰক্ষী থানাৰ অন্তৰ্গত এখন বাগানৰ নলাত আজি এগৰাকী যুৱতী মৃত অৱস্থাত উদ্ধাৰ হোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত খবৰ অনুসৰি লেপেটকটা গেছ ক্ৰেকাৰৰ এজন অফিচাৰৰ কোৱাটাৰ্ছত বন কৰা ছোৱালী হিচাপে থকা ৰেণুকা ৰাজোৱাৰ (১৮) নামৰ যুৱতীগৰাকী আন দিনাৰ দৰে আজিও পুৱা ৭ বজাত কাম কৰিবৰ বাবে ওলাই গৈছিল। যুৱতীগৰাকী আলিয়ে নগৈ আজি বাগানৰ মাজেৰে ব্যক্তিজনৰ ঘৰলৈ কাম কৰিবলৈ গৈছিল। যুৱতীগৰাকী গৈ থকা অৱস্থাত কোনো অচিনাক্ত লোকে যুৱতীগৰাকীয়ে লৈ থকা দুপাত্তাৰে ডিঙি চেপি হত্যা কৰে।

বাগানত পাত ছিঙা লোকসকলে যুৱতীগৰাকীক প্ৰথমে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। স্থানীয় ৰাইজে সন্দেহ কৰা মতে যুৱতীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে। আৰক্ষীয়ে ইতিমধ্যে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।

বৰবৰুৱা চাহ বাগিছা তিনি নম্বৰ লাইনত মামীয়েকৰ ঘৰত এটা ভঙা জুপুৰিৰ ভিতৰত কোনোমতে জীৱন নিৰ্বাহ কৰা পিতৃহাৰা যুৱতীগৰাকীক এনেদৰে হত্যা কৰাক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক এতুৱা মুণ্ডাই এই ঘটনাক তীব্ৰ নিন্দা কৰা লগতে দোষীক চিনাক্ত কৰি উপযুক্ত শাস্তি দিয়াৰ দাবী জনোৱাৰ লগতে দেওবাৰে জিলা কংগ্ৰেছৰ তৰফৰ পৰা এক প্ৰতিবাদী কাৰ্যসূচী লোৱাৰো হুংকাৰ দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।