তিনি দিন ধৰি জাতীয় পতাকা উৰি থাকিল গৌৰীপুৰ শিক্ষা খণ্ডৰ পদ্মেৰ আলগা এম ই স্কুলত

 08/17/2019 - 21:01

বিলাসীপাৰাঃ সমগ্ৰ দেশতে ১৫ আগষ্টৰ দিনা স্বাধীনতা দিৱস হিচাপে ভাৰতবাসীয়ে উদযাপন কৰি আহিছে। শেহতীয়াকৈ ১৫ আগষ্টৰ দিনা প্ৰতিখন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত জাতীয় পতাকা উত্তোলন কৰাৰ বাবে চৰকাৰৰ ফালৰ পৰা বাধ্যতামূলক কৰিছে। এই ক্ষেত্ৰত কেৱল পতাকা উত্তোলন কৰাৰ বাবেই বাধ্যতামূলক কৰা নাই, পতাকাখন ১৫ আগষ্টৰ আবেলি ৫ বজাত পতাকাখন নমাই থোৱাৰো গুৰুত্ব আৰোপ কৰিছে চৰকাৰে। কিন্তু চৰকাৰৰ উক্ত গুৰুত্বপূৰ্ণ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই এচাম চৰকাৰী দৰমহা খোৱা কৰ্মচাৰীয়ে পতাকাখন নমাই থোৱাৰ আহৰি পোৱা নাই।

সম্প্ৰতি ধুবুৰী জিলাৰ গৌৰীপুৰ শিক্ষা খণ্ডৰ পদ্মেৰ আলগা এম ই স্কুলত স্বাধীনতা দিৱসৰ পতাকাখন তিনি দিন ধৰি উৰি থকা পৰিলক্ষিত হৈছে। পদ্মেৰ আলগা এম ই স্কুলত সংঘটিত উক্ত ঘটনাক লৈ অঞ্চলটোত এক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সাংবাদিকৰ এটা সজাতি দলে পদ্মেৰ আলগা এম ই স্কুলত উপস্থিত হৈ বিদ্যালয়খনত তলা ওলমি থকা প্ৰত্যক্ষ কৰে। ইয়াৰ উপৰি দীৰ্ঘদিনৰ পৰা শিক্ষকসকলে পাঠদান এৰি নিজৰ মইমতালিৰে কাগজে পত্ৰই বিদ্যালয়খন চলাই আহিছে বুলি স্থানীয় ৰাইজে সাংবাদিকৰ আগত অভিযোগ উত্থাপন কৰিছে।

তদুপৰি পদ্মেৰ আলগা এম ই স্কুলৰ ছাত্ৰ-ছাত্ৰীক দুপৰীয়াৰ আহাৰৰ পৰা বঞ্চিত কৰি আবণ্টিত চাউল ছাত্ৰ-ছাত্ৰীৰ মাজত ভগাই দি চৰকাৰে যোগান ধৰা টকা গৌৰীপুৰ শিক্ষা খণ্ডৰ বিষয়াগৰাকীক মেনেজ কৰি প্ৰধান শিক্ষক আবুল কাশেম আলীয়ে হজম কৰি অহাৰো অভিযোগ উঠিছে। মনকৰিবলগীয়া যে শিক্ষক কাশেমৰ কু-কীৰ্তিত অতিষ্ঠ হৈ সংবাদ মাধ্যমৰ জৰিয়তে তদন্তৰ দাবী উত্থাপন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.