বিদ্যুতৰ লুকা-ভাকুত অতিষ্ঠ ৰাইজঃ যোৰহাটত আছুৰ প্ৰতিবাদ

 08/17/2019 - 21:05

যোৰহাটঃ বিদ্যুতৰ লুকা-ভাকুৱে জ্বলাকলা খুৱাইছে সর্বসাধাৰণক। অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে আজি জাঙুৰ খাই উঠে যোৰহাট আঞ্চলিক ছাত্র সন্থা। তেওঁলোকৰ অভিযোগ সাধাৰণ এজাক বৰষুণ দিলেই বিদ্যুৎ যোগান ব্যাহত হৈ পৰে জিলাখনত। সেয়েহে আজি যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিকৃতি দাহ কৰে এপিডিচিএলৰ অধ্যক্ষ ভি কে পিপাৰচেনিয়াৰ। অনাগত দিনত যদি সাধাৰণ জনতাই ভোগ কৰি থকা বিদ্যুতৰ সমস্যা সমাধান নকৰে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।