ৰঙিয়াত ২২০ কে ভি ক্ষমতাসম্পন্ন নতুন বিদ্যুৎ পৰিবহন লাইন মুকলি

 08/18/2019 - 13:19

ৰঙিয়াঃ শনিবাৰে ৰঙিয়াত স্থাপন কৰা ২২০ কে ভি ক্ষমতাসম্পন্ন নতুন বিদ্যুৎ পৰিবহন লাইন এটাৰ শুভ উদ্বোধন কৰা হয়৷ অসম পাৱাৰ ড্ৰিষ্ট্ৰিবিউছন কোম্পানী লিমিটেডৰ অধ্যক্ষ ভি কে পিপাৰচেনিয়াই আজি ৰঙিয়াত আনুষ্ঠানিকভাৱে এই নতুন লাইনটো মুকলি কৰে৷

বঙাইগাঁৱৰ চালাকাটিৰ পৰা ৰঙিয়ালৈ স্থাপন হোৱা নতুন লাইনটো শুভ উদ্বোধনী উপলক্ষে ৰঙিয়াৰ চিৰাখুন্দিস্থিত অসম পাৱাৰগ্ৰীড কৰ্প’ৰেছনৰ কাৰ্যালয় চৌহদত এক অনুষ্ঠানৰ আয়োজন কৰা হয়৷ এই অনুষ্ঠানত এ পি চি ডি এলৰ অধ্যক্ষ ভি কে পিপাৰচেনিয়াই বিভাগটোৰ বিষয়াবৰ্গৰে সৈতে বিদ্যুৎ সেৱা উন্নীতকৰণৰ বিষয়ত আলোচনাত মিলিত হয়৷

আলোচনাত ৰঙিয়াৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈও উপস্থিত থাকে৷ উল্লেখ্য যে নতুন বিদ্যুৎ পৰিবহন লাইনটোৰ দ্বাৰা নলবাৰী আৰু বৰপেটা জিলাৰ বিভিন্ন অঞ্চলৰ ভ’ল্টেজৰ সমস্যা দূৰ হ’ব বুলি আশা কৰা হৈছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।