মুছলিম ছাত্ৰ সন্থাৰ এজাহাৰ দাখিল

 08/18/2019 - 13:32

বৰপেটাঃ ভাৰতৰ বিৰুদ্ধে অপমানসূচক মন্তব্য দিয়া ব্যক্তিক গ্ৰেপ্তাৰৰ দাবীত আজি বৰপেটা থানাত এজাহাৰ দাখিল কৰে মুছলিম ছাত্ৰ সন্থাই। এজাহাৰত সংগঠনটোৱে উল্লেখ কৰে যে পাৰ্থ প্ৰতীম বৰকটকী নামৰ ব্যক্তিজনে ফেচবুকত ভাৰতৰ বিৰুদ্ধে অপমানসূচক মন্তব্য দি আহিছে।

এনে কাৰ্যৰ সৈতে জড়িত ব্যক্তিত অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায় সংগঠনটোৱে। এজাহাৰ দাখিল কৰাৰ সময়ত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি জালালুদ্দিন, জিলা সম্পাদক মকিবুল ইছলাম উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।