গুৱাহাটীঃ ব’হাগ বিহু লৈ মাজত মাথো কেইটামান দিন বাকী। সকলো ব্যস্ত এতিয়া ব’হাগক আদৰাৰ প্ৰস্তুতিত। চৌপাশ মুখৰিত হৈছে ঢোলৰ গুম-গুমনিত। চাৰিওফালে বিশাল আয়োজন আৰু ব্যস্ততা ব’হাগীক আদৰিবলৈ। ঠিক একেদৰে সদাব্যস্ত মহানগৰীও সাজু হৈছে ব’হাগ বিহুক আদৰিবলৈ। ৰঙালীৰ ৰং বিয়পিছে মহানগৰীতো।
আজি দিনৰ ১১.৩০ বজাত লতাশিল খেলপথাৰত ৬৮ সংখ্যক গুৱাহাটী বিহু সন্মিলনীৰ ৰঙালী বিহু উদযাপনৰ শুভাৰম্ভনি হিচাপে 'লাইখুঁটা' স্থাপন কৰা হয়। লাইখুঁটা স্থাপন কৰে গুৱাহাটী বিহু সন্মিলনীৰ জেষ্ঠ তথা আভ্যন্তৰীণ হিচাপ পৰীক্ষক পৱন চন্দ্ৰ বৰুৱাই।
আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী বিহু সন্মিলনীৰ সভাপতি আলোক কুমাৰ বিষয়া, কাৰ্যকৰী সভাপতি জগন্নাথ দাস, সাধাৰণ সম্পাদক নিলোপম দাস, যুটীয়া সম্পাদক বিজিত প্ৰদীপ দাস, সাংস্কৃতিক সম্পাদক অনুজ কুমাৰ বিষয়া, কোষাধ্যক্ষ মুকুল হাজৰিকা, প্ৰাক্তন সভাপতি কৈলাস শৰ্মা প্ৰমুখ্য কাৰ্যকৰী বিষয়াসকলৰ লগতে সন্মিলনীৰ সদস্য-সদস্যাসকল।