বিজনীত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিলে ৰাইজে

 08/18/2019 - 13:32

বিজনীঃ চিৰাং জিলাৰ বিজনীত পুনৰ জব্দ হ’ল ড্ৰাগছ৷ চিৰাঙৰ বিজনীত ৰাইজে শনিবাৰে সন্ধিয়া আটক কৰে এটা ড্ৰাগছ সৰবৰাহকাৰীক। সৰবৰাহকাৰীটো বিজনীৰ কাৱাটিকাৰ মোনোৱাৰ হুছেইন (২৫)। লগতে এখন নম্বৰবিহীন পালচাৰ মটৰচাইকেল, ৬ টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ উদ্ধাৰ হয়। সৰবৰাহকাৰীটোৱে বিজনী চহৰৰ সুবাইঝাৰ পথত বিক্ৰীৰ বাবে লৈ আহিছিল ড্ৰাগছখিনি। ৰাইজে সৰবৰাহকাৰীটোক হাতে-লোটে আটক কৰি ঘটনাস্থলীতে আৰক্ষীক চমজাই দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।