অবৈধ কাঠ ফলা মিল জব্দ

 08/18/2019 - 13:50

মাণিকপুৰঃ পাণবাৰী বন আঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ২নং আব্দাগুৰীৰ পৰা বনবিভাগ আৰু পাণবাৰী আৰক্ষীয়ে যৌথ অভিযান চলাই শনিবাৰে এটা অবৈধ কাঠ মিলসহ কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হৈছে।

অঞ্চলটোত দীৰ্ঘদিন ধৰি একাংশ অসাধু কাঠ বেপাৰীয়ে অবৈধ ভাৱে কাঠফলা মিলটো চলাই আছিল যদিও এ চি এফ আব্বাছ আলী দেওয়ানৰ নেতৃত্বত আৰু পাণবাৰী আৰক্ষীৰ অভিযানত অবৈধ কাঠ ফলা মিলটো জব্দ কৰে।

বনবিভাগৰ অভিযানৰ উমান পাই কাঠমিলৰ মালিক আৰু কাঠবেপাৰীয়ে পলায়ন কৰিছে বুলি জনিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।