কাকপথাৰত অব্যাহত আছে চুলাই বিৰুধী অভিযান

 08/18/2019 - 14:08

কাকপথাৰঃ অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে কাকপথাৰ আৰক্ষীয়ে৷ যোৱা দুুদিন পূৰ্বে ডিৰাকৰ ভিতৰুৱা অঞ্চলত প্ৰায় পাঁচটাকৈ চুলাই মদৰ ভাটি উচ্ছেদ কৰাৰ পিছত আজি প্ৰায় ডেৰশ লিটাৰ চুলাই জব্দ কৰিছে কাকপথাৰ আৰক্ষীয়ে৷ ৰুমাইগাভৰু নামৰ অঞ্চলটোৰ পৰা চুলাই আনি থকাৰ গোপন সুত্ৰে খবৰ পাই কাকপথাৰ আৰক্ষীয়ে৷

দৈনিক বজাৰৰ পৰা চুলাই খিনি জব্দ কৰে কাকপথাৰ আৰক্ষীয়ে৷ চুলাই সৰবৰাহত জড়িত যুৱকজন পলাই যাবলৈ সক্ষম হয়৷ পলাতক যুৱককেইজনক গ্ৰেপ্তাৰৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে প্ৰায় এমাহৰ পৰা কাকপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গকুল সোনোৱালৰ নেতৃত্বত কাকপথাৰ অঞ্চলত বহু চুলাই ঘাটি ভাঙি উচ্ছেদ কৰাৰ লগতে বৰ্তমানলৈকে প্ৰায় হাজাৰৰো অধিক লিটাৰ অবৈধ চুলাই জব্দ কৰিবলৈ সক্ষম হৈছে৷ কাকপথাৰ আৰক্ষীৰ এই অভিযানক আদৰণি জনাইছে কাকপথাৰ বাসীয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।