অইল ইণ্ডিয়াৰ প্ৰতিষ্ঠা কালৰে জড়িত মুখ্য বি অ' চি প্ৰবেশদ্বাৰ ডাষ্টবিনলৈ পৰিণত

 08/18/2019 - 14:13

দুলীয়াজানঃ প্ৰতিবছৰে স্বচ্ছতাৰ নামত অইল ইণ্ডিয়াই সামাজিক দায়বদ্ধ আঁচনিৰ অধীনত কোটি কোটি টকা ব‍্যয় কৰি অহাৰ সম্পূৰ্ণ বিপৰীত এক প্ৰতিচ্ছবি তৈলচহৰ দুলীয়াজানত স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে। ১৯৬২ চনতে দেশৰ মানচিত্ৰত তৈল উদ‍্যোগখণ্ডৰূপে অংকিত অইল ইণ্ডিয়া লিমিটেডৰ দুলীয়াজানস্থিত প্ৰথমখন মুখ্য প্ৰৱেশদ্বাৰ বৰ্তমান কদৰ্য ৰূপলৈ ৰূপান্তৰিত হৈছে। অইল ইণ্ডিয়াৰ ঐতিহ্যৰ লগত জড়িত এই প্ৰৱেশদ্বাৰ বি অ' চি অৰ্থাৎ অইল ইণ্ডিয়াৰ পুৰণি নাম বাৰ্মা অইল কোম্পানী ৰূপে পৰিচিত আছিল।

সেই প্ৰৱেশদ্বাৰ নামাকৰণেৰে অঞ্চলটো এতিয়াও পৰিচিত। অইল ইণ্ডিয়াৰ সেই ঐতিহ্যময় প্ৰৱেশদ্বাৰ তথা অঞ্চলটোৰ চৌপাশে চহৰখনৰ জাৱৰ-জোঁথৰসহ বিভিন্ন পেলনীয়া সামগ্ৰীৰে পৰিপূৰ্ণ এক ডাষ্টবিনলৈ পৰিণত হৈছে। অইল ইণ্ডিয়া লিমিটেডৰ জনস্বাস্থ্য কাৰিকৰী বিভাগেও এইক্ষেত্ৰত কোনোধৰণৰ ব‍্যৱস্থা গ্ৰহণ নকৰাতো তাৎপৰ্যপূৰ্ণ।

ইফালে অইল ইণ্ডিয়াৰ সাধাৰণ বাৰ্ষিক সভাৰ প্ৰাকমুৰ্হূতত প্ৰতিবছৰে চহৰখনৰ ওপৰত চূণ-তেল সানি এক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ আভাস দিয়াৰ বিপৰীতে এলাগী হৈ পৰে অইল ইণ্ডিয়াৰ জন্মৰ প্ৰথম মুখ্য প্ৰৱেশদ্বাৰ আৰু চৌপাশৰ অঞ্চলটো। স্বচ্ছতাৰ ওপৰত এনেদৰে ভেঁকোভাওনা নকৰি অন্তঃকৰণেৰে স্বচ্ছতাৰ দিশসমূহ কাৰ্যতঃ পালন কৰি সমগ্ৰ তৈলচহৰখন এক জাকতজিলিকা কৰি তুলি ধৰিবলৈ দল সংগঠনে আহ্বান জনাইছে অইল ইণ্ডিয়াক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।