শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ত শ্ৰী শ্ৰী জন্মাষ্টমী পৰ্ব

 08/18/2019 - 14:16

আমিন গাঁওঃবিষ্ণুতীৰ্থ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয় কামৰূপ জিলাৰ অন্তৰ্গত উত্তৰ গুৱাহাটীৰ মাজগাঁওত অৱস্থিত ৩০০বছৰ অতিক্ৰম কৰা এখনি ঐতিহাসিক দেৱালয়। অসমৰ পবিত্ৰ তীৰ্থ ৰূপে খ্যাত দেৱালয়খনত পূৰ্বৰ পৰম্পৰা অনুসৰি এইবেলিও দেৱালয় প্ৰাংগণত অহা ৫ ভাদ ইংৰাজী ২৩ আগষ্টত শুক্ৰবাৰে এদিনীয়া কাৰ্যক্ৰমণিকাৰে শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী পৰ্ব উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। কাৰ্যক্ৰমণিকা অনুসৰি ২৩ আগষ্টৰ পূৱা ৮ বজাত দেৱালয়ৰ ধ্বজ উত্তোলনৰে সভাপতি তথা দলৈ লক্ষেশ্বৰ শৰ্মাই জন্মাষ্টমী অনুষ্ঠান মুকলি কৰিব। ৯ বজাত গছপুলি ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব দেৱালয়ৰ উপদেষ্টা মণ্ডলীয়ে। ১০ বজাৰ পৰা আয়তিৰ নাম পৰিবেশন। নিভা হাজৰিকাৰ নামদল, মিলিজুলি নামদল, দিহিঙিয়া খেল নামদল আৰু কৃষ্ণনগৰ শিৱমন্দিৰ নামদলে অংশগ্ৰহণ কৰিব। দুপৰীয়া ২বজাত ভোগ বিতৰণ ।সন্ধিয়া ৬ বজাৰ আমন্ত্ৰিত শিল্পী ত্ৰৈলোক্য ডেকাৰ নাগাৰা নাম পৰিবেশন। সন্ধিয়া ৭ বজাত জন্মাষ্টমী পূজা আৰম্ভ হব। নিশা ১০ বজাৰত মহাশান্তি ও ভোগ বিতৰণ । এইবাৰৰ জন্মাষ্টমী অনুষ্ঠানত স্হানীয় বিধায়ক তথা অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য, গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাঃ লিঃৰ মূখ্য প্ৰবন্ধ নিৰ্দেশক ৰিণিকি ভূঞা শৰ্মাই অংশগ্ৰহণ কৰিব বুলি আয়োজক সমিতি তৰফৰ পৰা উপদেষ্টা মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিছে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।